বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈৰ বৰ্ষফল গণনা

বৰপেটা সত্ৰত বিহুৰ দিনা বৰ্ষফল গণনা৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে আজি বৰপেটা সত্ৰত বিহু গণনা বা বৰ্ষফল গণনা কৰে৷ বিহু গণনা পাঠ শুনিবলৈ সমাগম ঘটে বহুসংখ্যক লোকৰ। দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ বাবে বছৰটো অশুভ বুলি কোৱা হৈছে৷ অসম দেশৰ ৰাশি হ’ল কর্কট৷ ৰাশি ফলমতে তৃতীয় স্থানত চন্দ্ৰ পঞ্চমত কেতু, সপ্তমস্থানত শনি, অষ্টমত শুক্ৰ-মংগল, নৱমত বৃহস্পতি, দশমত ৰবি- বুধ, একাদশত ৰাহু অৱস্থান কৰাত বছৰতো ৰাজ্যখনৰ কাৰণে অনুকূল নহয়৷ কাৰণ শনিৰ পূৰ্ণদৃষ্টি আৰু ৮ জেঠৰ পৰা ৰাহু কৰ্মস্থানত আৰু কেতু বন্ধুস্থানত অৱস্থান কৰিব৷

এই বছৰটোত ৰাহু, কেতু আৰু শনিৰ দৃষ্টিৰ ফলত ৰাজ্যত যুদ্ধৰ পৰিবেশ দেখা যাব৷ ৰাজ্যৰ প্ৰতিটো দলৰ মাজত বিবাদ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে বুলি তেওঁ কয়। ৰাহু শনিৰ দৃষ্টিৰ ফলত যানবাহন, ৰেল, বিমান দূৰ্ঘটনা, ৰক্তপাত, অগ্নিদাহ বিস্ফোৰণ, হত্যা লুন্ঠন অপৰহন, দূৰ্ঘটনা, হিংসাত্মক কার্য্য-চোৰাং কাৰবাৰ, গুপ্তঘাট আৰু সন্ত্রাসবাদী মুলক কার্য্য বৃদ্ধি পাব। এই বছৰটো মঙ্গলে ৰাজত্বভাৰ লোৱাত বানপানী, শিলা বৃষ্টি, বজ্ৰপাত, ঘূৰ্ণীবতাহে দেশত অশান্তিৰ পৰিবেশ বিৰাজ কৰিব আৰু প্ৰাকৃতিক দূৰ্যোগ আৰু ভূমিকম্প আদি হোৱাৰ সম্ভানা আছে বুলি তেওঁ জানিবলৈ দিয়ে৷

শনি, মঙ্গলৰ ফলত ৰাজনৈতিক, অর্থনৈতিক আৰু খাদ্য সংকটে দেখা দিব আৰু মূল্য বৃদ্ধিয়ে জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব। ইপিনে কেতুৰ প্ৰভাৱত ৰাজনৈতিক নেতা, বিশিষ্ঠ লোকৰ বুদ্ধি নাশৰ যোগ পৰিলক্ষিত৷ ছাত্ৰসন্থাৰ বিক্ষোভ, আন্দোলন আদি বৃদ্ধি পাব যদিও ৰাহুৰ কু-প্ৰভাৱত ছাত্ৰ সন্থাৰ মাজত বিভেদ সৃষ্টিৰ সম্ভাৱনা আছে৷

ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ শপত গ্ৰহনৰ দশা অনুসৰি ৰাজ্যৰ বাবে বৰ্তমান সময়তো অশুভ বুলি কোৱা হৈছে৷ সেইমতে ১১ জুলাইলৈ কেতু-শনিৰ দশা চলিব আৰু লগতে ৰাহু কেতু, মঙ্গলৰ প্ৰভাৱত চৰকাৰৰ ওপৰত বিভিন্ন দল, সংগঠন, শ্ৰমিক, ৰাজনৈতিক নেতা, উচ্চ চিন্তাধাৰাৰ ব্যক্তিৰ দ্বাৰা গোপন ষড়যন্ত্ৰ, অপপ্ৰচাৰ বিভেদগামী প্ৰচাৰে চৰকাৰক ব্যতিব্যস্ত কৰি ৰাখিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো বুদ্ধিভ্ৰষ্টৰ যোগ বুলিও কয়৷ ৰাজ্যৰ মংগলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰতিকাৰৰ দিহা হিচাপে দক্ষিনা কালী পুজা আৰু বগোলামুখী পুজা কৰাৰ দিহা বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ৷ বৰ্ষাৰম্ভ চক্রত শনি-ৰাহু-কেতুৰ অশুভ প্ৰভাৱত ৰাজনৈতিক ক্ষেত্ৰত জটিল প্ৰভাৱ পৰিব আৰু শাৰীৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাবধানে থকাতো মংগলজনক বুলিও বৰপেটা সত্ৰৰ দৈৱজ্ঞই জনাই।

ইপিনে ভাৰত দেশৰ ৰাশি হ’ল মকৰ৷ জন্মৰাশিত শনি অৱস্থান কৰাত দেশত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব। চীন আৰু পাকিস্তানৰ পৰা আক্ৰমণৰো সম্ভাৱনা দৈৱজ্ঞৰ৷ ইপিনে ৰাহু কেতুৰ পৰা ৰাজধানী দিল্লীকে ধৰি বিভিন্ন স্থানত আন্দোলন, প্ৰতিবাদ, কূটাঘাটমূলক কার্য বৃদ্ধি, হত্যা, অপহৰন, বিস্ফোৰণ, সাম্প্রদায়িক সংঘর্ষ, অগ্নিদাহ, ৰেল দুর্ঘটনা আদিৰ বৃদ্ধি পাব বুলিও কয়। ইপিনে ভাৰত আৰু অসমৰ অভাৱনীয়ভাৱে জলবায়ু পৰিবর্তন, তাপমাত্ৰা বৃদ্ধি আৰু বানপানীৰ প্ৰভাৱত কৃষিভূমিৰ বিস্তৃত ক্ষতিৰ লগতে কীট-পতংগ আদিৰ আক্রমনত উৎপাদিত শস্য নাশৰ যোগ। লগতে শিল্পী, সাহিত্যিক আৰু ৰাজনৈতিক ব্যক্তিৰ মৃত্যুৰ যোগ দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...