শোৱাৰ সময়ত হোৱা নাকৰ শব্দই টোপনিত ব্যাঘাত জন্মায় নেকি আপোনাৰ?

সাধাৰণতে বহু লোকৰ শোৱাৰ সময়ত নাকৰ শব্দহোৱা দেখা যায়। শোৱাৰ সময়ত হোৱা নাকৰ শব্দই বহুতৰে জীৱন বিপন্ন কৰিব পাৰে। ভাৰতত এই বিষয়টো সাধাৰণভাৱে লয় যদিও, অন্য দেশ সমূহত ইয়াৰ ওপৰত গৱেষণা বা অধ্যয়ন কৰা দেখা যায়। নাকৰ পৰা ওলোৱা শব্দৰ ফলত পৰিয়ালৰ সদস্য সকলৰ টোপনিত ব্যাঘাত জন্মে। নাকৰ শব্দ ওলোৱাটো সাধাৰণ কথা বুলি ভবা হয় যদিও স্বাস্থ্যৰ পক্ষে ই অতি ক্ষতিকাৰক আৰু ইয়াক প্ৰতিৰোধ কৰাটোও এক গুৰুত্বপুৰ্ণ বিষয়।বহুতো গৱেষণাৰ পৰা বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ডাঙৰ ডাঙৰকৈ নাকৰ শব্দ কৰি শোৱা মানুহৰ প্ৰায় ৩৪ শতাংশৰে হাৰ্ট এটাক আৰু প্ৰায় ৬৭ শতাংশৰ ষ্ট্ৰোক হোৱাৰ আংশকা থাকে।

নাকৰ শব্দ ৰোধ কৰিবলৈ কৰক এইকেইটা কাম –

টোপনিত হোৱা নাকৰ শব্দ কম কৰিবলৈ বা নিৰ্মুল কৰিবলৈ শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজনীয়।শৰীৰত অক্সিজেনৰ পৰিমাণ কম নহ’বলৈ তথা নাকৰ ভিতৰত থকা নলীবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ শৰীৰচৰ্চা অতি প্ৰয়োজনীয়।উশাহ-নিশাহ লোৱাত বাধাৰ সৃষ্টি কৰা কাৰকবোৰ শৰীৰচৰ্চা,যোগ-প্ৰাণায়াম আদিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।লক্ষ্যণীয় যে সকলোৱে শৰীৰ চৰ্চা আৰম্ভ ঠিকেই কৰে যদিও ইয়াক নিৰন্তৰভাৱে ৰাখিব নোৱাৰে।তাৰ কাৰণে লাগে ইচ্চা শক্তি আৰু মনোবল।নিজক উৎসাহিত কৰি ৰাখিবলৈ নিতৌ এইধৰণৰ কথা নিজৰ সংগীৰ লগত পাতিব পাৰে আৰু যোগ তথা শৰীৰ চৰ্চা আদিৰ টিভি প্ৰোগাম চাব পাৰে,নতুবা ইণ্টাৰনেটত উদগণিমুলক ভিডিঅ’ চাই নিজৰ উৎসাহ অটুট ৰাখিব পাৰে।

শৰীৰত পানীৰ পৰিমাণ কম হ’লে শুই থকা সময়ত শ্বাস-প্ৰশ্বাস নলীবোৰ শুকান হৈ পৰে।ইয়াৰ ফলতো নাকৰ শব্দৰ সৃষ্টি হব পাৰে।যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি সকলোৱে জানে,গতিকে সঠিক পৰিমাণে পানী খাই শৰীৰটো সুস্থ কৰি ৰখাটো আটাইৰে দায়িত্ব।আমি সাধাৰণতে পিয়াহ লাগিলেহে পানী খাওঁ যদিও শৰীৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে পানী পানী পৰ্যাপ্ত মাত্ৰাত প্ৰয়োজন হয় বাবে নিৰ্দিষ্ট মাত্ৰাত পানী সেৱন নকৰিলে শৰীৰ অনেক প্ৰকাৰে অসুস্থ হৈ পৰে।নিৰ্দিষ্ট মাত্ৰাত,মানে শৰীৰৰ প্ৰতি ২০ কিলো ওজনৰ বিপৰীতে দৈনিক এক লিটাৰ পানী খোৱা প্ৰয়োজন।অৰ্থাৎ ৬০ কিলো ওজনৰ লোক এজনে দৈনিক তিনি লিটাৰ পানী খালে শৰীৰ নিৰোগী হৈ থকাৰ আশা সৰ্বাধিক হয়।

চিগাৰেট,মদ আদি মাদক দ্ৰব্য সেৱনৰ ফলত ডিঙিৰ মাংসপেশীবোৰ শিথিল হৈ পৰে আৰু ফলত নাকৰ শব্দ বাঢ়ি যায়।গতিকে নাকৰ শব্দ হৃদৰোগলৈ ৰুপান্তৰ হোৱাৰ আগতেই মাদক দ্ৰব্য সেৱনৰ অভ্যাস ত্যাগ কৰা উচিত।

শৰীৰৰ ওজন বৃদ্ধিৰ প্ৰধান কাৰণ মেদবহুলতা।ডিঙিৰ ভিতৰফালে চৰ্বি বৃদ্ধিৰ ফলতো নাকৰ সুৰুঙা বাধাগ্ৰস্থ হয়।ফলত শুই থকাৰ সময়ত নাকৰ শব্দ হ’বলৈ আৰম্ভ কৰে।মনোযোগ নিদিয়া নাকৰ শব্দ দিনে দিনে বাঢ়ি গৈ থাকে।শৰীৰৰ ওজন সঠিকভাৱে নিয়ন্ত্ৰণ কৰাটো নাকৰ শব্দ বন্ধ কৰাৰ এক জৰুৰী অৱস্থা।

বহুলোকে অপ্ৰয়োজনীয়ভাৱে টোপনি অহা দৰবো ব্যৱহাৰ কৰা দেখা যায়।এনে ক্ষেত্ৰত নাকৰ ভিতৰত মাংসপেশী ঢিলা হৈ পৰাৰ আশংকা অধিক হয়।ফলত নাকৰ শব্দ দিনে দিনে বাঢ়ি যায়।টোপনি যোৱা অৱস্থাত নাকৰ শব্দ কম কৰিবলৈ হলে অপ্ৰয়োজনীয়ভাৱে টোপনি অহাৰ দৰব বা নাৰকোটিক দৰবৰ প্ৰয়োগ এৰাই চলা উচিত।


নাকৰ শব্দক তুচ্ছ বুলি ভাবি অৱহেলা কৰিলে পাছলৈ শৰীৰত বিভিন্ন হানিকাৰক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।নাকৰ শব্দ প্ৰতিৰোধৰ বাবে প্ৰয়োজনত সঠিক চিকিৎসাৰ উপদেশ পালন কৰা আৰু চিকিৎসাত অৱহেলা নকৰাটোৱে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্তিম উপায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...