টেছলা আৰু স্পেচএক্সৰ পিছত এইবাৰ সামাজিক মাধ্যমৰ ওপৰত চকু এলন মাস্কৰ!

টেছলা আৰু স্পেচএক্সৰ পিছত এইবাৰ সামাজিক মাধ্যমৰ বিশাল প্লেটফৰ্মৰ মালিক হোৱাৰ ইচ্ছা এলেম মাস্কৰ। সামাজিক মাধ্যমৰ বিশাল প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে এলেন মাস্কে। বিলিয়নাৰ এলন মাস্কে প্ৰতিটো টুইটাৰৰ শ্বেয়াৰত ৫৪.২০ডলাৰ মূল্য দি ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে।

জানিবপৰা মতে, মাস্কৰ টুইটাৰ ক্ৰয় কৰাৰ প্ৰস্তাৱৰ পিছত টুইটাৰৰ ষ্টক ১৮ শতাংশ বৃদ্ধি পাইছে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকিউৰিটিজ এণ্ড কমিচনৰ ওচৰত দাখিল কৰা এখন প্ৰস্তাৱটোৰ বিষয়ে অবগত কৰিছিল। উল্লেখযোগ্য যে, মাস্কে বৰ্তমান টুইটাৰৰ ৯%তকৈ অধিক শ্বেয়াৰৰ গৰাকী আৰু কোম্পানীটোৰ সৰ্ববৃহৎ শ্বেয়াৰধাৰক। আনহাতে টুইটাৰৰ পৰিষদে প্ৰস্তাৱটো পুনৰীক্ষণ কৰিব বুলি আৰু সকলো টুইটাৰ ষ্টকহোল্ডাৰৰ হিতৰ বাবে হ’ব বুলি জানিবলৈ দিয়ে।

এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ সৰ্ন্দভত কয় যে, “মই টুইটাৰত বিনিয়োগ কৰিছিলোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ই সমগ্ৰ বিশ্বতে মুক্ত বাকশক্তিৰ মঞ্চ হোৱাৰ সম্ভাৱনা আছে, আৰু মই বিশ্বাস কৰোঁ যে গতিশীল গণতন্ত্ৰৰ বাবে মুক্ত বাকশক্তি এক সামাজিক আৱশ্যকতা। অৱশ্যে, ইয়াত কৰা বিনিয়োগৰ পৰা মই এতিয়া উপলব্ধি কৰিছোঁ যে বৰ্তমান স্বৰূপত কোম্পানীটোৱে এই সামাজিক আৱশ্যকতা পূৰণ নকৰে বা কৰিব নোৱাৰে। গতিকে টুইটাৰক এটা ব্যক্তিগত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰা প্ৰয়োজন আছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...