দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ

প্ৰতি বছৰে গ্ৰেমীয়ে যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰে সংগীত শিল্পী, গীতিকাৰ তথা মিউজিক এলবামসমূহক। ১৯৫৯ চনৰ পৰা প্ৰত্যেক বছঠৰেই অনুষ্ঠিত হৈ আহিছে এই গ্ৰেমী এৱাৰ্ডছ। এই বৰ্ষৰ গ্ৰেমী এৱাৰ্ড প্ৰদান অনুষ্ঠান প্ৰথমে অনুষ্ঠিত হোৱাৰ কথা আছিল ৩১ জানুৱাৰীত। কিন্তু আন বহু অনুষ্ঠানৰ দৰেই কৰোণা ভাইৰাছৰ অমিক্ৰন প্ৰজাতিৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল। সেয়েহে আমেৰিকাৰ নেভাডাৰ লাছ ভেগাছৰ এমজিএম গ্ৰেণ্ড গাৰ্ডেন এৰেনাত অনুষ্ঠিত হৈছিল ৬৪সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

India's Ricky Kej wins his second Grammy award

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এই ঠাইত অনুষ্ঠিত হৈছিল গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। ভাৰতবাসীক গৌৰৱান্বিত কৰি দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় কৰিলে ভাৰতীয় সুৰকাৰ ৰিকি কেজে। ‘ডিভাইন টাইডছ’ নামৰ মিউজিক এলবাম খনৰ বাবে ৰিকি কেজলৈ আগবঢ়োৱা হল গ্ৰেমী।

একেদৰে গ্ৰেমীৰ ৫টাকৈ বঁটা লাভ মাৰ্কিন গায়ক জন বাটিষ্টৰ। মাৰ্কিন গায়িকা তথা অভিনেত্ৰী অলিভিয়া ৰ’ড্ৰিগে লাভ কৰিলে ৩টাকৈ বঁটা। বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল অলিভিয়া। কম বয়সীয়া তথা নৱাগতা অলিভিয়াৰ বঁটা লাভৰ বিষয়টোৱে আন বহু ন ন শিল্পীৰ মনত বোৱালে উত্সাহৰ নতুন সুঁতি।

একেদৰে গায়ক ব্ৰুনো মাৰ্চ আৰু ৰেপাৰ, গায়ক এণ্ডাৰছনক লৈ গঠিত সংগীত যুটি চিল্ক চনিক”ৰ বাবে ৰেকৰ্ড অফ দা ইয়েৰ আৰু ছং অফ দা ইয়েৰ শ্ৰেণীত আগবঢ়োৱা হয় গ্ৰেমী বঁটা। ভাৰতৰ পৰা এ আৰ ৰহমানেও গ্ৰেমীত ভাগ লবলৈ উপস্থিত হয়গৈ আমেৰিকাত। আৰু এইদৰেই সমাপন হৈ যায় আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

Olivia Rodrigo wins 3 Grammys, Zelenskyy appeals for Ukraine
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...