অভিজিৎ বৰালৈ যুৱ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ এই বছৰৰ ৩০ আৰু ৩১ মাৰ্চ তাৰিখে চেন্নাইত প্ৰদান কৰা হয়। চেন্নাইৰ এছ. আৰ. এম. বিশ্ববিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ ২৪জন যুৱ লেখকক ২০২১বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়।

ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰি অহা সাহিত্য অকাডেমী পুৰস্কাৰ গোলাঘাট জিলাৰ যুৱ লেখক অভিজিৎ বৰাই লাভ কৰে। তেওঁক ‘ডেউকা কোবাই যায়’ শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা প্ৰদান কৰে। তেওঁক সাহিত্য অকাডেমীৰ স্মাৰক আৰু নগদ ৫০হাজাৰ টকা প্ৰদান কৰা হয়। জ্ঞানপীঠ বঁটা বিজয়ী লেখক চন্দ্ৰশেখৰ কাম্বাৰে এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তামিল লেখক এছ. ৰামকৃষ্ণন।

উল্লেখযোগ্য যে, ‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰাই ২০২০চনত ২৬ সংখ্যক মুনীন বৰকটকী বঁটাও পাবলৈ সক্ষম হৈছিল। যুৱ লেখকজনৰ এই সফলতাই নিশ্চিতভাৱে গৌৰৱান্বিত কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...