কংগ্ৰেছ এতিয়া দিশহাৰা নাও…এইবাৰ কংগ্ৰেছ এৰিলে আন এগৰাকী শক্তিশালী নেতাই

ৰাজ্যসভাত লজ্জাজনক পৰাজয়ৰ পিছত ধবংসৰ গৰাহত অসম কংগ্ৰেছ। প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰয়ো এৰিলে কংগ্ৰেছ। APCCলৈ মনোজ ধানোৱাৰৰ পদত্যাগ পত্ৰ। পূৰ্বে চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি পদ এৰিছিল মনোজ ধানোৱাৰে। নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰি দল ত্যাগৰ ঘোষণা মনোজৰ। ছচিয়েল মিডিয়াযোগে এই কথা সদৰি কয় যে-যদিও মই চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ ৰ চেয়াৰমেন পদৰ পৰা 17/8/21 ত ইস্তফা দিছিলো ,কিন্তু আমাৰ নেতৃবৃন্দৰ কথাত মই সকলো খিনি ভাললৈ পৰিৱৰ্তন হব বুলি ভাৱিছিলো। কিন্ত আজি মই দিশহাৰা এখন নাৱৰ যাত্ৰীৰ দৰে আগুৱাই যোৱাৰ দৰে অনুভৱ কৰিছো ।এই পুৰণি কংগ্ৰেছ দলটো এৰি যাবলৈ ও দূ:খিত অনুভৱ কৰিছো কাৰণ অকল ময়েই নহয় মোৰ দেউতা নিজে প্ৰায় চাৰি দশক জুৰি এই দলৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত আছিল । এইয়াই সময়ৰ আহ্বান।
ইংৰাজীতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে-Although I had resigned from the post of the Chairman, Tea & Ex Tea Mazdoor Congress on 17/8/21, but on the insistence of our leaders , I thought things will change for better. But today I am feeling like sailing on a boat without any direction. Feeling sad to leave the Congress Party with which not only me , but also my father had been associated for more than 4 decades. That is the need of the hour বুলি উল্লেখ কৰে ধানোৱাৰে। দলটোৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দলত্যাগ মনোজ ধানোৱাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...