ক্ৰমাগতভাৱে ১১ দিনলৈ বাঢ়িল তেলৰ দাম, কোন জিলাত কিমান দাম?

ধাৰাবাহিক মূল্যবৃদ্ধিত ত্ৰাহি মধুসূদন সুঁৱৰিছে সাধাৰণ জনতাই। ক্ৰমাগতভাৱে ১১ দিনলৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৮ পইচা, প্ৰতিলিটাৰ ডিজেল বাঢ়িল ৮৪ পইচা। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১০২.৯১ টকা। গুৱাহাটীত ডিজেলৰ দাম হ’লগৈ প্ৰতিলিটাৰত ৮৮.৭৭ টকা। মাজুলীত সৰ্বাধিক প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.০২ টকা। বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৩.৯৫ টকা। বঙাইগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.৫০ টকা। ধেমাজিত প্ৰতিলিটাৰৰ দাম হ’লগৈ ১০৪.৩৮ টকা। ডিমা হাছাওত প্ৰতিলিটাৰত ১০৪.৭৯ টকা। কৰিমগঞ্জত আজি পেট্ৰ’লৰ মুল্য ১০৩.৫২ টকা, ডিজেলত লিটাৰত ৮৯.৩৯ টকা। আনহাতে, কাছাৰ জিলাত পেট্ৰলৰ মুল্য ১০৩.৩৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৯.২০ টকা। একেদৰে, হাইলাকান্দি জিলাত আজি পেট্ৰল’ৰ মূল্য ১০৩.৮৬ আৰু ডিজেলৰ মূল্য ৮৯.৬৯ টকা। জোনাইত আজি পেট্ৰলৰ দাম ১০৩.৮০ টকা আৰু ডিজেলত লিটাৰত ৮৯.৫৯ টকা। ঢকুৱাখনাত আজিৰ দিনটোত পেট্ৰ’লত ১০৫.৮৭ টকা আৰু ডিজেলত ৯১.৫৪ টকা হৈছেগৈ। ইফালে নাৰায়ণপুৰত আজি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০৬. ৫১ টকা হোৱাৰ বিপৰীতে ডিজেলত ৯১.৭৪ টকালৈ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...