কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ, কিয় ৰমজান মাহত ৰোজা ৰাখে জানেনে আপুনি?

জোনৰ ওপৰত ভিত্তি কৰি কাইলৈৰ পৰা আৰম্ভ হব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোক সকলে ওৰেটো মাহ পালন কৰিব ৰোজা ৰখা পৰ্ব।  ৰমজানে এনে ঈদৰ বতৰা। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত দেখা গৈছে উচাহ উদ্দীপনা।

ইছলাম ধৰ্মৰ বিশ্বাস অনুসৰি ত্যাগ আৰু আত্মসংযমৰ মাহ হ’ল ৰমজান। জোনৰ ওপৰত ভিত্তি কৰি কাইলৈৰ পৰা আৰম্ভ হব ৰোজাৰ মাহ ৰমজান। আজি সন্ধিয়া পশ্চিম আকাশত ন জোন উঠাৰ নিশ্চিত খবৰ পোৱাৰ পিছতেই অনুষ্ঠিত হব তাৰাবিহ নামাজ। আৰু তাৰ পিছত কাইলৈৰ পৰা আৰম্ভ হব কঠোৰ ব্ৰত ৰোজা ৰখা পৰ্ব। প্ৰতি দিনে পুৱতি নিশা চেহেৰী অৰ্থাৎ ৰোজা ৰখাৰ আহাৰ গ্ৰহণ কৰি দিনটো খাদ্যতো দুৰৰে কথা পানীৰ এটুপিও নোখোৱাকৈ অনাহাৰে থাকি সূৰ্য অস্ত যোৱাৰ পিছত ইফতাৰ অৰ্থাৎ ফল মূল আৰু সু স্বাদু ব্যঞ্জ গ্ৰহণ কৰি ৰোজা ভংগ‌‍ কৰা হয়। এনেদৰেই ৰমজানৰ ওৰেটো মাহ এই কঠোৰ ব্ৰত পালন কৰে ইছলাম ধৰ্মী লোক সকলে।

উল্লেখযোগ্য যে, ৰমজান হ’ল আত্মশুদ্ধিৰ মাহ। লগতে বিশ্ব শান্তিও কামনা কৰা হয় ইয়াৰ জৰিয়তে। আনহাতে ৰমজান মাহে কঢ়িয়াই আনে ঈদৰ বতৰা। কিয়নো ৰমজান মাহ শেষ হোৱাৰ পিছ দিনাই অনুষ্ঠিত হয় ঈদ উল ফিতৰ।

সেয়ে ৰমজান মাহ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ইছলাম ধৰ্মী লোক সকলৰ মাজতো দেখা গৈছে ব্যপক উছাহ উদ্দিপনা।
ইফালে প্ৰতি বছৰে ৰমজান মাহত দেখা যায় মূল্য বৃদ্ধিৰ প্ৰতিযোগিতা। এইবেলিও মূল্য বৃদ্ধিৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰি ৰমজান মাহ। 

সচাৰচৰ ৰোজাৰ মাহত শাক পাচলি আৰু ফল মূলৰ মূল্য দুগুণ লৈ বৃদ্ধি হোৱা দেখা যায়। সেয়া ৰমজান মাহৰ সুবিধা লৈ যাতে কোনো অসাধু ব্যৱসায়ীয়ে মূল্য বৃদ্ধি ঘটাব নোৱাৰে তাৰ ওপৰত চকু দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৰাইজে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...