ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি?

বহুপ্ৰতীক্ষিত, বহুচৰ্চিত ৰাজ্যসভাৰ নিৰ্বাচন। বিৰোধীৰ অৰিয়া-অৰি তথা শাসক পক্ষৰ আত্মসন্তুষ্টিৰ মাজতে আজি ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। ইতিমধ্যে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সাজু হৈ উঠিছে ভোটগ্ৰহণ কেন্দ্ৰ। বিধানসভাৰ মূল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৯ বজাৰপৰা ৪ বজালৈ হ’ব ভোটগ্ৰহণ। ভোটগণনা হ’ব বিয়লি ৫ বজাৰ পৰা। এতিয়াও যেন বিশ্বাস অবিশ্বাসৰ দোমোজাত ওলমি ৰৈছে বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ ভাগ্য। ভোটগ্ৰহণৰ পূৰ্বে মিত্ৰতাত ফাঁট মেলিছে কংগ্ৰেছ আৰু AIUDFৰ। যিসময়ত বিৰোধী একগোট হ’ব লাগিছিল, সেই সময়ত দুয়োটা প্ৰধান বিৰোধী দলে তীব্ৰ সংঘাতত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে। এজেণ্ট নিয়োগক লৈ আৰম্ভ হোৱা কংগ্ৰেছ–AIUDFৰ সংঘাতে শাসকীয় মিত্ৰজোঁটকে লাভৱান্বিত কৰাৰ ইংগিত দিছে। ফলত শাসক পক্ষৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী UPPLৰ ৰণগৌড়া নাৰ্জাৰীৰ জয়ৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। আনহাতে, প্ৰথমখন আসনত ইতিমধ্যে জয় নিশ্চিত বিজেপি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ। দিনটোৰ শেষলৈ স্পষ্ট হ’ব দিল্লীলৈ যাব কোন!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...