ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি?

বহুপ্ৰতীক্ষিত, বহুচৰ্চিত ৰাজ্যসভাৰ নিৰ্বাচন। বিৰোধীৰ অৰিয়া-অৰি তথা শাসক পক্ষৰ আত্মসন্তুষ্টিৰ মাজতে আজি ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। ইতিমধ্যে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সাজু হৈ উঠিছে ভোটগ্ৰহণ কেন্দ্ৰ। বিধানসভাৰ মূল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৯ বজাৰপৰা ৪ বজালৈ হ’ব ভোটগ্ৰহণ। ভোটগণনা হ’ব বিয়লি ৫ বজাৰ পৰা। এতিয়াও যেন বিশ্বাস অবিশ্বাসৰ দোমোজাত ওলমি ৰৈছে বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ ভাগ্য। ভোটগ্ৰহণৰ পূৰ্বে মিত্ৰতাত ফাঁট মেলিছে কংগ্ৰেছ আৰু AIUDFৰ। যিসময়ত বিৰোধী একগোট হ’ব লাগিছিল, সেই সময়ত দুয়োটা প্ৰধান বিৰোধী দলে তীব্ৰ সংঘাতত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে। এজেণ্ট নিয়োগক লৈ আৰম্ভ হোৱা কংগ্ৰেছ–AIUDFৰ সংঘাতে শাসকীয় মিত্ৰজোঁটকে লাভৱান্বিত কৰাৰ ইংগিত দিছে। ফলত শাসক পক্ষৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী UPPLৰ ৰণগৌড়া নাৰ্জাৰীৰ জয়ৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। আনহাতে, প্ৰথমখন আসনত ইতিমধ্যে জয় নিশ্চিত বিজেপি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ। দিনটোৰ শেষলৈ স্পষ্ট হ’ব দিল্লীলৈ যাব কোন!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...