১০৬ টকা চুলেগৈ পেট্ৰ’লৰ দাম, ১০ দিনত ৯ বাৰ বাঢ়িল ইন্ধনৰ দাম

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। ১০ দিনত ৯ বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা দাম বৃদ্ধি পালে অসমত। আনহাতে, প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৪ পইচাকৈ। গুৱাহাটীত আজি পেট্ৰ’লৰ দাম হ’লগৈ ১০১.৬৭ টকা। প্ৰতিলিটাৰ ডিজেলত গুৱাহাটীত দাম ৮৭.৫৯ টকা। ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৯৯ টকা। মাজুলীত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.১৩ টকা। আনহাতে, অসমৰ ভিতৰত সৰ্বাধিক বৰপেটাৰোডত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৬.২৫ টকা। ড‍বকাত আজি পেট্ৰ’লৰ দাম ১০২.৫৬ টকা, ডিজেলৰ ৮৮.৪৪ টকা। পেট্ৰ’পণ্যৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণক। ১০ দিনত ৭ টকাতকৈও অধিক বাঢ়িল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য। দৈনিক ৰাজ্যৰ ন ন প্ৰান্তত শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’লৰ দামে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...