শক্তি বিভাগৰ অবিবেচক কাণ্ডৰ বাবে মৃত্যুক সাৱটিলে এজন যুৱকে!

শক্তি বিভাগৰ অবিবেচক কাণ্ডৰ বাবে মাতৃ পত্নীক অথাই সাগৰত পেলাই চিৰ বিদায় ল’লে ভগামুখৰ ভিতৰুৱালৰ ভাস্কৰ বৰাই। ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰুৱালৰ ভাস্কৰ বৰাৰ মাতৃ আৰু পত্নীৰ সৈতে আছিল এখন সুখৰ সংসাৰ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাৰ পদূলিমুখতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰত লাগি আজি বিয়লি মৃত্যুক সাৱটিলে ভাস্কৰে। অথাই সাগৰত পেলাই থৈ গ’ল মাতৃ আৰু নৱ বিবাহিতা পত্নীক।

পদূলিমুখতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত তাৰত লাগি মৃত্যুক সাৱটিলে ভাস্কৰে। নতুনকৈ সংসাৰ পতা ভাস্কৰে পদুলিমুখতে এখন দোকান খুলিবলৈ যো-জা কৰিছিল। বিয়লি বনুৱাৰে সৈতে কাম কৰি থকা অৱস্থাতে ওপৰতে থকা বিদ্যুৎপৰিবাহী তাঁৰত লাগি যায় ৰ’ড। আকস্মিকভাৱে হৈ যোৱা এই ঘটনাত শুৱাদুৱা লাগে অঞ্চলটোত। ততাতৈয়াকৈ ভাস্কৰক চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে মৃত্যুক আকোৱালি লয় চফল যুৱকজনে।


ইফালে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত গাওঁ বাসীয়ে জগৰীয়া কৰিব বিচাৰে গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলক লগতে প্ৰশাসনক দাবী জনাইছে ভাস্কৰৰ মৃত্যুৰ সম্পৰ্কে এক ন্যায়িক তদন্ত হ’ব লাগে আৰু অনতিপলমে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ উক্ত স্থানৰ পৰা স্থানান্তৰিত হ’ব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...