শুকুৰবাৰৰ বাঢ়িব গাড়ীৰ দাম, পেট্ৰ’ল-চিলিণ্ডাৰৰ সৈতে তালিকাত নতুনকৈ সংযোগ হ’ল গাড়ী

পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যবৃদ্ধিৰ পাছত এইবাৰ দাম বঢ়াবলৈ সাজু হৈছে গাড়ী নিৰ্মাণ কোম্পানীসমূহ। ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ মূল্য । ইস্পাট, এলুনিয়ামৰ বৰ্ধিত মূল্যবৃদ্ধিৰ বাবেই গাড়ী নিৰ্মাণ কোম্পানীসমূহৰ ওপৰত প্ৰভাৱ পৰিছে । যাৰ বাবে গাড়ী নিৰ্মাণ কোম্পানীসমূহে বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। বহু গাড়ী নিৰ্মাণ কোম্পানীয়ে এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা গাড়ীৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিএমডব্লিউ, টাটা মটৰ্ছ, টয়োটা কিৰ্লোস্কাৰ মটৰ আদিকে দৰি বহুকেইটা কোম্পানীয়ে মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । টাটা মটৰ্ছৰ বাহনসমূৰ মূল্য ২ৰ পৰা ২.৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টয়োটাই সকলো গাড়ীৰ মূল্য ৪ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে, বিলাসী গাড়ী নিৰ্মাতা কোম্পানী বিএমডব্লিউ ইণ্ডিয়াইয়ো সকলো গাড়ীৰ মূল্য ৩.৫তাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এক এপ্ৰিলৰ পৰা ব্যয় বহুল হ’ব চাৰিচকীয়া গাড়ী মূল্য ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...