শুকুৰবাৰৰ বাঢ়িব গাড়ীৰ দাম, পেট্ৰ’ল-চিলিণ্ডাৰৰ সৈতে তালিকাত নতুনকৈ সংযোগ হ’ল গাড়ী

পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যবৃদ্ধিৰ পাছত এইবাৰ দাম বঢ়াবলৈ সাজু হৈছে গাড়ী নিৰ্মাণ কোম্পানীসমূহ। ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ মূল্য । ইস্পাট, এলুনিয়ামৰ বৰ্ধিত মূল্যবৃদ্ধিৰ বাবেই গাড়ী নিৰ্মাণ কোম্পানীসমূহৰ ওপৰত প্ৰভাৱ পৰিছে । যাৰ বাবে গাড়ী নিৰ্মাণ কোম্পানীসমূহে বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। বহু গাড়ী নিৰ্মাণ কোম্পানীয়ে এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা গাড়ীৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিএমডব্লিউ, টাটা মটৰ্ছ, টয়োটা কিৰ্লোস্কাৰ মটৰ আদিকে দৰি বহুকেইটা কোম্পানীয়ে মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । টাটা মটৰ্ছৰ বাহনসমূৰ মূল্য ২ৰ পৰা ২.৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টয়োটাই সকলো গাড়ীৰ মূল্য ৪ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে, বিলাসী গাড়ী নিৰ্মাতা কোম্পানী বিএমডব্লিউ ইণ্ডিয়াইয়ো সকলো গাড়ীৰ মূল্য ৩.৫তাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এক এপ্ৰিলৰ পৰা ব্যয় বহুল হ’ব চাৰিচকীয়া গাড়ী মূল্য ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...