উৰহী গছেই হ’ল কাল, ডিঙিত কাঁচি লাগি বাগৰি পৰিল ৩০ ফুট তললৈ!

মেৰাপানী সীমান্তত কৰুণ ঘটনা। চুবুৰীয়া নাগালেণ্ডত দিন হাজিৰা কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ কিশোৰে। নিহত কিশোৰটিৰ নাম কৃষ্ণ দাস। উল্লেখ্য যে, দুপৰীয়া মেৰাপানী সীমান্তৰ জ্যোতিপথাৰৰ দুজন কিশোৰে চুবুৰীয়া নাগালেণ্ডৰ চিফিয়ান বস্তিত এজন নগা লোকৰ বাৰীৰ গছত উঠি মণিপুৰি চিম পাৰি থাকোতেই দুৰ্ঘটনাবশতঃ বাঁহত লাগি থকা কাঁচিখন ডিঙিত লাগি কটা যায়। গুৰুতৰভাৱে আহত কিশোৰটি প্ৰায় ৩০ ফুট ওখ গছৰ পৰা বাগৰি পৰে আৰু থিতাতে নিহত হয়।

ঘটনা সন্দৰ্ভত খবৰ পাই নগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী আৰু সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ উপস্থিত হৈ নিহত কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰে।

NKTV Digital
Author: NKTV Digital

243 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...