ছাত্ৰীৰ ব্যক্তিগত ফটো ভাইৰেল কৰি আৰক্ষীৰ জালত ২ ছাত্ৰ

এটা উদ্বেগজনক ঘটনা সংঘটিত হৈছে দেৰগাঁৱত। এগৰাকী ছাত্ৰীৰ ব্যক্তিগত ফটো ভাইৰেল কৰি আৰক্ষীৰ জালত পৰিছে ২ ছাত্ৰ। উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত দুই ছাত্ৰই ভাইৰেল কৰিলে ফটো। ভুক্তভোগী ছাত্ৰীগৰাকী এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তথ্য অনুসৰি ছাত্ৰীগৰাকীৰ কিছু বক্তিগত আপত্তিজনক ফটো ভাইৰেল কৰিছিল দুই ছাত্ৰই। ইয়াৰ লগতে ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মানসিক হাৰাশাস্তি চলাইছিল ছাত্ৰীগৰাকীক। অৱশেষত ছাত্ৰীগৰাকীৰ পৰিয়ালে এই কথা জানিব পাৰি এজাহাৰ দাখিল কৰে দেৰগাঁও আৰক্ষীক। দেৰগাওঁ আৰক্ষীয়ে 63/22 ত U/S 376 DA, RW 6 of Posco, RW sec 67B IT ধাৰাত গোচৰ ৰুজু কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেৰগাঁৱত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...