মোমায়েকৰ পোছাক পিন্ধি ৰেম্পত ধুমুহা আনিলে সাংসদে, কোন এইগৰাকী যুৱ ৰাজনীতিবিদ?

ৰাজনীতিৰ পথাৰত নহয় এইবাৰ ৰেম্পত সকলোকে চমক দিলে এগৰাকী বিধায়কে। দিল্লীৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ, নাম যাৰ ৰাঘৱ চদ্ধা। আম আদমী পাৰ্টীৰ নেতাগৰাকীক দেওবাৰে দেখা গল লেকমে ফেশ্বন উইকত। ৩৩ বছৰীয়া সাংসদগৰাকীয়ে সম্পৰ্কীয় মামাক তথা ফেশ্বন ডিজাইনাৰ পৱন চছদেৱাৰ পোছাক পৰিধান কৰি ৰেম্প ৱাক কৰে।

ক’লা লেডাৰৰ জেকেটৰ সৈতে একে ৰঙৰ পেণ্ট পৰিহিত ডিজাইনাৰ পোছাকত অত্যন্ত আত্মবিশ্বাসী দেখা গৈছিল ৰাঘৱ চদ্ধাক। ইতিমধ্যে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছে ফটো। কেপচনত লিখিছে-“Walked the ramp at Lakme Fashion Week 2022 for my maternal uncle (Mama), fashion designer Pawan Sachdeva। উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যসভালৈ মনোনীত হৈছে ৰাঘৱ চদ্ধা।

৩৩ বছৰ বয়সতে উচ্চ সদনলৈ নিৰ্বাচিত হোৱাৰ বাবে চৰ্চিত হৈ আছে আপ নেতাগৰাকী। ইফালে পঞ্জাৱত বিপুল ভোটত জয়লাভ কৰিছে আম আদমী পাৰ্টীয়ে। ১১৭জনীয়া বিধানসভাত ৯২খন আসন লাভ কৰি ইতিমধ্যে চৰকাৰ গঠন কৰিছে আপে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...