আপোনাৰ মোবাইলত শুনা নাযাব ক’ভিডৰ কলাৰ টিউন

এতিয়াৰে পৰা COVID19ৰ কলাৰ টিউন শুনা নাযাব। শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে COVID19ৰ কলাৰ টিউন বন্ধ কৰিব। কভিডৰ সময়ত সাধাৰণ নাগৰিকক সজাগতা অনাৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। মোবাইলত প্ৰতি মুহূৰ্ততে সজাগ কৰা হৈছে গ্ৰাহকক। ক’ভিড পৰিস্থিতি যাতে অৱনতি নঘটে আৰু স্থানীয় ভাষাত সহজে যাতে সকলোৱে বুজিব পাৰে তাৰ বাবে প্ৰতি মুহূৰ্ততে সজাগ হোৱাৰ বাবে এই কলাৰ টিউন ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো মোবাইল কোম্পানীয়ে কোনো লোকক ফোন কৰাৰ সময়ত গ্ৰাহকৰ কাণত পৰাকৈ COVID19 কলাৰ টিউন ব্যৱহাৰ কৰিছিল। প্ৰথমতে বিশেষ কণ্ঠত আৰু পিছলৈ জনপ্ৰিয় তাৰকাৰ কণ্ঠত শুনা গৈছিল এই কলাৰ টিউন। দুবছৰৰো অধিক সময় কভিডে ভয়ংকৰ ৰূপ লোৱাৰ পিছত বৰ্তমান স্বাভাৱিক হৈছে পৰিস্থিতি। পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...