নামত আছে কামত নাই, গুৱাহাটীত ‘অচল’ শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰা

মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা গ্ৰীষ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অসমত। এইবাৰ বৰষুণ কম হোৱাৰ বাবে আৰু বতৰ পৰিৱৰ্তনৰ বাবে গৰম বাৰুকৈয়ে অনুভৱ কৰিছে ৰাজ্যবাসীয়ে। এনেহেন গৰমৰ বতৰত বিভিন্ন কামৰ বাবে অধিকাংশ লোকেই বাহিৰলৈ ওলাই যাব লগা হয়। ৰাজধানী তথা বাণিজ্যিক প্ৰাণকেন্দ্ৰ হোৱাৰ বাবে গুৱাহাটীলৈ ঢপলিয়াই আহে হাজাৰ হাজাৰ লোকে। দৈনিক গুৱাহাটীলৈ অহা বা গুৱাহাটীতে থকা সাধাৰণ লোকে ৰাজহুৱা পৰিবহন ব্যৱস্থাকে প্ৰাধান্য দিয়ে। অসম পৰিবহন নিগম তথা প্ৰশাসনে যাত্ৰীৰ সুবিধাৰ বাবে শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰাৰ ব্যৱস্থা কৰিছিল। পিছে আছে আঁচনি, কামত নাই। আন আন চৰকাৰী আঁচনি বা প্ৰকল্পৰ দৰেই অনুৰূপ ছবি যাত্ৰী জিৰণি চ’ৰাত। পুৱা ৭.৩০ বজাতো বন্ধ থাকে খানাপাৰাৰ শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰা। যাৰ ফলত বাহিৰতে বহিবলগীয়া হয় যাত্ৰীসকল। তদুপৰি খোলা থকা সময়ত ACটোৱেও কাম নকৰে। কেৱল খানাপাৰাই নহয়, পাণবজাৰ আৰু গুৱাহাটীৰ আন আন স্থানত স্থাপিত যাত্ৰী জিৰণি চ’ৰাতো একেই পৰিৱেশ। ৰাজহুৱা ধনৰ শৰাধ কৰি স্থাপিত কৰা এনে আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নোহোৱাত সামাজিক মাধ্যমযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ নাগৰিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...