নামত আছে কামত নাই, গুৱাহাটীত ‘অচল’ শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰা

মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা গ্ৰীষ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অসমত। এইবাৰ বৰষুণ কম হোৱাৰ বাবে আৰু বতৰ পৰিৱৰ্তনৰ বাবে গৰম বাৰুকৈয়ে অনুভৱ কৰিছে ৰাজ্যবাসীয়ে। এনেহেন গৰমৰ বতৰত বিভিন্ন কামৰ বাবে অধিকাংশ লোকেই বাহিৰলৈ ওলাই যাব লগা হয়। ৰাজধানী তথা বাণিজ্যিক প্ৰাণকেন্দ্ৰ হোৱাৰ বাবে গুৱাহাটীলৈ ঢপলিয়াই আহে হাজাৰ হাজাৰ লোকে। দৈনিক গুৱাহাটীলৈ অহা বা গুৱাহাটীতে থকা সাধাৰণ লোকে ৰাজহুৱা পৰিবহন ব্যৱস্থাকে প্ৰাধান্য দিয়ে। অসম পৰিবহন নিগম তথা প্ৰশাসনে যাত্ৰীৰ সুবিধাৰ বাবে শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰাৰ ব্যৱস্থা কৰিছিল। পিছে আছে আঁচনি, কামত নাই। আন আন চৰকাৰী আঁচনি বা প্ৰকল্পৰ দৰেই অনুৰূপ ছবি যাত্ৰী জিৰণি চ’ৰাত। পুৱা ৭.৩০ বজাতো বন্ধ থাকে খানাপাৰাৰ শীততাপ নিয়ন্ত্ৰিত যাত্ৰী জিৰণি চ’ৰা। যাৰ ফলত বাহিৰতে বহিবলগীয়া হয় যাত্ৰীসকল। তদুপৰি খোলা থকা সময়ত ACটোৱেও কাম নকৰে। কেৱল খানাপাৰাই নহয়, পাণবজাৰ আৰু গুৱাহাটীৰ আন আন স্থানত স্থাপিত যাত্ৰী জিৰণি চ’ৰাতো একেই পৰিৱেশ। ৰাজহুৱা ধনৰ শৰাধ কৰি স্থাপিত কৰা এনে আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নোহোৱাত সামাজিক মাধ্যমযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ নাগৰিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...