জংঘল আৰু ফৰেষ্টৰ মাজত থকা পাৰ্থক্য জানেনে?

দৈনিক ব্যৱহাৰৰ বাবে আমি সকলোৱে কম-বেছি পৰিমাণে ইংৰাজী মিহলি শব্দ ব্যৱহাৰ কৰো। সময়ৰ ধামখুমীয়াত বা পৰিৱেশৰ সৈতে খাপ খোৱাবলৈ প্ৰায়ে ইংৰাজী বা আন শব্দ আমাৰ ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত হয়। হাবি-বননি বা অৰণ্য বুজাবলৈ আমি ইংৰাজীত জংঘল বা ফৰেষ্ট শব্দটো ব্যৱহাৰ কৰোঁ। সাধাৰণ ভাষাত দুয়োটাৰে অৰ্থ একে যদিও দুয়াটো শব্দৰ মাজত সামান্য পাৰ্থক্য আছে। ইংৰাজীত A forest is a (scientifically) managed jungle whereas a jungle is an unmanaged forest, IMO অৰ্থাৎ ফৰেষ্ট হৈছে বৈজ্ঞানিকভাবে বা প্ৰণালীবদ্ধভাবে সজাই তোলা বা গঢ়ি উঠা অৰণ্য। আনহাতে, জংঘল বুলিলে যিকোনো ঠাইত নিজে নিজে গঢ়ি উঠা বা কোনো কাৰণ বিহীন ভাবে গঢ় লোৱা হাবি-বননি। সকলোৱে আমি আধুনিক জীৱন বিচাৰো। তাৰ মাজত আমি প্ৰকৃতিৰ কথা পাহৰি যাওঁ। প্ৰকৃতিয়ে আমাক সকলো দিছে যদিও আমি নিজৰ সুবিধাৰ বাবে প্ৰকৃতিক আমি ধ্বংসস্তুপলৈ পৰিণত কৰোঁ। ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছ বা IFS বিষয়া প্ৰবীন অংগুস্বামীয়ে সময়ে সময়ে ছচিয়েল মিডিয়াত এনে বিষয়সমূহ উপস্থাপন কৰে। শেহতীয়াভাবে বিষয়াগৰাকীয়ে সোধা প্ৰশ্নত বিভিন্নজনে বিবিধ উত্তৰ দি নিজৰ মনোভাব প্ৰকাশ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...