২০২৪ত ৪০০ মিলিয়ন লোকে যাত্ৰা কৰিব পাৰিব বিমানত!

প্ৰতিদিনে বিমানেৰে যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত ৪০০ মিলিয়ন যাত্ৰীক বিমানযাত্ৰাৰ সুবিধা দিয়াৰ লক্ষ্য বান্ধি লৈছে। যোৱা এসপ্তাহত ৩,৮২ হাজাৰ যাত্ৰীয়ে উৰাজাহাজেৰে যাত্ৰা কৰিছে। কভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘসময় বিমানৰ উৰণ বন্ধ ৰখা হৈছিল বা সাধাৰণ যাত্ৰীৰ বাবে খুলি দিয়া নাছিল। কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে বিমানযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। দেশত মহিলা পাইলটৰ সংখ্যাও ১৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৪ চনলৈকে দেশত ৭৪টা বিমান বন্দৰ আছিল ভাৰতত। কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে ৬৬টা নতুন বিমানবন্দৰ নিৰ্মাণ হৈছে। ২০২৫ত দেশত বিমান বন্দৰৰ সংখ্যা ২২০ কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...