অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰে’লৱে ষ্টেচন!

অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে লামডিং ৰে’লৱে ষ্টেচন৷ ৰে’লযোগে দৈনিক সৰবৰাহ হৈছে নিষিদ্ধ ড্ৰাগছ গাঞ্জাকে ধৰি নিচাজাতীয় দ্ৰব্য৷ লামডিং RPF আৰু RPFৰ CIB দলে ৰে’লৰ পৰা জব্দ কৰে প্ৰায় ৪৮ কেজি গাঞ্জা৷ লামডিং ৰে’লৱে ষ্টেচনত অবধ আছাম ৰে’লখনৰ পৰা RPF-এ অভিযান চলাই ১০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে একে সময়তে কাঞ্চনজংঘা ৰে’লখনৰ পৰা ৩৮ কেজি গাঞ্জা জব্দ কৰে৷ দুয়োখন ৰে’লত জব্দ হোৱা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰা কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ লামডিঙত জব্দ কৰা গাঞ্জাখিনৰ বজাৰ মূল্য প্ৰায় ৪ লাখ ৮০ হাজাৰ টকা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...