কিয় নিজকে শেষ কৰি পেলালে নিষ্ঠাৱান শিক্ষয়িত্ৰীয়ে?

বৃহস্পতিবাৰে বিশ্বনাথত শোকাৱহ ঘটনাৰ পিছত শুকুৰবাৰে আন এক শোকাৱহ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

গোৰেশ্বৰত এগৰাকী যুৱতীৰ আত্মহত্যাক লৈ চাঞ্চল্য। পুৱতি নিশা নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ নিহিৰ বড়ো নামৰ শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ। নিহিৰ বড়ো গোৰেশ্বৰ ৰেইনবৌ ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী আছিল।

এগৰাকী শিক্ষিত যুৱতীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পন্থা ল’বলৈ বাধ্য হ’ল তাকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য। গোৰেশ্বৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বিশ্বনাথতো টেট উত্তীৰ্ণ এগৰাকী যুৱকে মৃত্যুক সাবটি লৈছিল। এই ঘটনাৰ পিছতে বাসগৃহত শোকাকুল পৰিৱেশ। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এফালে প্ৰাপ্যৰ দাবীত শিক্ষকৰ আন্দোলন, আনফালে চৰম পন্থা গ্ৰহণে চিন্তিত কৰিছে অভিভাৱক আৰু সচেতন মহলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...