পৰাজয়ৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকে দলৰ বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। পৰৱৰ্তী ছমাহৰ ভিতৰত অন্য এটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ দিব বিজেপিয়ে। অভিলেখ সৃষ্টি কৰি ২০২১ চনৰ জুলাই মাহত সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল ধামিয়ে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত ধামি উত্তৰাখণ্ডৰ একাদশগৰাকী মুখ্যমন্ত্ৰী। বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ লগে লগে পুষ্কৰ সিং ধামীয়েই পৰৱৰ্তী কাৰ্যকালৰ পথ প্ৰশস্ত হৈ পৰিল। বুধবাৰে ডেৰাডুনত শপতগ্ৰহণ অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...