কলডিলৰ উপকাৰিতা জানি লওক ২ মিনিটত!

কলডিল বা কলফুলত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় আয়ৰণ, ফাইবাৰ, খনিজ পদাৰ্থ আদি যথেষ্ট পৰিমাণে পোৱা যায়। কলডিলত প্রচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়। ই ৰক্তহীনতা দূৰ কৰে। সেইবাবে নিয়মীয়াকৈ কলডিল খাব লাগে। হৃদ ৰোগ, মধুমেহ নিয়ন্ত্ৰণত কলফুল অতি উপকাৰী। দুগ্ধপান কৰাই থকা মাতৃৰ বাবে কলফুল বৰ উপকাৰী। কলডিল সিজাই তাৰ লগত দৈ মিলাই খালে অতিমাত্রা ৠতুস্রাৱত সকাহ দিয়ে। কিডনীৰ সমস্যা, হজম শক্তি বৃদ্ধি, পেটৰ সংক্রমণ ৰোধত ই সহায়ক। নিম্ন ৰক্তচাপৰ বাবে লাভজনক, কিন্তু উচ্চ ৰক্তচাপ থাকিলে কলডিল খোৱাৰ পৰা বিৰত থাকিব লাগে। কিয়নো কলডিলত থকা পটেছিয়াম উচ্চ ৰক্তচাপৰ বাবে ক্ষতিকাৰক। কলডিলে কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰে। সেইবাবে গৰ্ভাৱস্থাত দেখা দিয়া কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাৰ বাবে কলফুল সিজাই খাবলৈ দিব লাগে। কলডিল সিজাই জালুকৰ লগত খালে আভোক তথা বদহজমী দূৰ হয়, তেজ পৰিস্কাৰ কৰে। প্রচুৰ পৰিমানে আয়ৰণ পোৱা যায় বাবে উঠি অহা ল’ৰা ছোৱালীক কলডিল খোৱাব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...