১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ জালত বাহাৰুল ইছলাম

আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান। আৰক্ষীৰ অভিযানত ১৭টা হেৰোইনভৰ্তি কণ্টেইনাৰসহ আটক এটা ড্ৰাগছ ব্যৱসায়ীক। ৰূপহীহাটত চলিছিল অভিযান। ইফালে পলায়ন আন ২ ড্ৰাগছ সৰবাহকাৰীৰ। এক গোপন সূত্ৰৰ ভিত্তিত ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত ৰূপহীহাটৰ গুণাবাৰীত আৰক্ষীয়ে চলাইছিল এই অভিযান৷ আৰক্ষীৰ অভিযানত ১৭টা হেৰ’ইনভৰ্তি কণ্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক। দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুণাবাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম, দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে। অৱশ্যে আৰক্ষী অহাৰ উমান পাই আন ২ ড্ৰাগছ সৰবাহকাৰী দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে পলায়ন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...