১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ জালত বাহাৰুল ইছলাম

আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান। আৰক্ষীৰ অভিযানত ১৭টা হেৰোইনভৰ্তি কণ্টেইনাৰসহ আটক এটা ড্ৰাগছ ব্যৱসায়ীক। ৰূপহীহাটত চলিছিল অভিযান। ইফালে পলায়ন আন ২ ড্ৰাগছ সৰবাহকাৰীৰ। এক গোপন সূত্ৰৰ ভিত্তিত ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত ৰূপহীহাটৰ গুণাবাৰীত আৰক্ষীয়ে চলাইছিল এই অভিযান৷ আৰক্ষীৰ অভিযানত ১৭টা হেৰ’ইনভৰ্তি কণ্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক। দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুণাবাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম, দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে। অৱশ্যে আৰক্ষী অহাৰ উমান পাই আন ২ ড্ৰাগছ সৰবাহকাৰী দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে পলায়ন কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...