জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আহিব বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ

বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত ৷ বৰপেটা সত্ৰত অনুষ্ঠিত বিখ্যাত দৌল মহোৎসৱ দৰ্শন কৰিবলৈ বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলি৷ বৰপেটাৰ জিলা উপায়ুক্তই জনোৱা অনুসৰি জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকী শনিবাৰে বৰপেটা সত্ৰত উপস্থিত হৈ দৌল মহোৎসৱত অংশ ল’ব৷ বৰপেটাৰ বিখ্যাত দৌলৰ আনন্দ উপভোগ কৰাৰ বাবে ৰাষ্ট্ৰদূতগৰাকী গুৱাহাটী হৈ ৰাওনা হ’ব বৰপেটালৈ ৷ নিশাটো গুৱাহাটীত কটাই জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে শনিবাৰে বৰপেটা সত্ৰৰ সুৱেৰীত অংশ ল’ব ৷ বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱে এক সুকীয়া পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱাৰ পিচতেই এগৰাকী ৰাষ্ট্ৰদূতৰ বৰপেটাৰ দৈল মহোৎসৱৰ সুৱেৰীত অংশগ্ৰহণ বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...