বৰাকৰ সৈতে গুৱাহাটীৰ যোগাযোগ বিচ্ছিন্ন! বিকল্প পথ কি?

আজিৰে পৰা ৩ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শিলচৰ-জোৱাই ৰোড। শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰ দলং মেৰামতিৰ বাবে ১৫ মার্চলৈকে এই দলংখনেদি সকলো ধৰণৰ বান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে কৰিছে ইষ্ট জয়ন্তীয়া হিল্চ জিলা প্রশাসনে। ইয়াৰ পূৰ্বে দুবাৰকৈ এনে নিষেধাজ্ঞা আছিল যদিও সৰু সৰু যান-বাহন চলাচলৰ অনুমতি দিছিল। কিন্তু এইবাৰ সম্পূর্ণৰূপে ৩ দিনৰ ভাবে বন্ধ কৰি দিয়া হ’ল শিলচৰ-জোৱাই ৰোড৷ ইয়াৰ বাবে ৰাজধানী গুৱাহাটীসহ দেশৰ আন আন ঠাইৰ সৈতে ৰাজপথেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল বৰাকৰ৷ এতিয়া গুৱাহাটীৰ পৰা শিলচৰলৈ কেৱল হাফলং হৈহে যাব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...