গছ-গছনি কাটি তহিলং, ফটকা ফুটাই সন্ত্ৰাস অসম বিদ্বেষী দলৰ

অসম-মেঘালয় সীমান্তৱৰ্তী বকো সীমান্তত চেপা উত্তেজনা। বকো সীমান্তৰ শালবাৰী গাঁৱত অসম বিদ্বেষী দলৰ আতংক। গছ-গছনি কাটি তহিলং কৰাৰ লগতে ফটকা ফুটাই আতংকৰ সৃষ্টি কৰিছে দলটোৱে। ইয়াৰ ফলত জীয়াতু ভুগিব লগা হৈছে সাধাৰণ জনতা। অস্তিত্বহীনতাত ভুগি থকা অঞ্চলটোৰ জনতাৰ বাবে শুকুৰবাৰে সীমান্তত উপস্থিত বকোৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ লগতে অঞ্চলটোত উপস্থিত বকো ৰাজহ চক্ৰ বিষয়া ৰাজ বৰুৱা সহ বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মী। উল্লেখ্য যে, ৭ মাৰ্চৰ নিশা অসম বিদ্বেষী দল এটাই শালবাৰীগাঁৱৰ জছপিত এ মাৰাক নামৰ লোকগৰাকীৰ ঘৰত সোমাই গছ-গছনি কাটি তহিলং কৰাৰ লগতে ফটকা ফুটাই আতংকৰ সৃষ্টি কৰিছিল। লোকজনৰ ঘৰত থকা সমবায় দোকানৰ কেৰাচিন পৰ্যন্ত পথত পেলাই দিয়ে বিদ্বেষী দলটোৱে। বিধায়িকা নন্দিতা দাসে লোকজনৰ ঘৰত খা-খবৰ লোৱাৰ লগতে শালবাৰীগাঁৱৰ ৰাজহুৱা সভা এখনত অংশ গ্ৰহণ কৰে। সভাৰ যোগেৰে শীঘ্ৰে সীমাবিবাদ সমাধান কৰি সীমান্তত বাসবাস কৰা ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই বিধায়িকাগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...