বাহুবলীৰ পিছত মোলৈ ৫ হাজাৰ বিবাহৰ প্ৰস্তাৱ আহিছিল : প্ৰভাস

প্ৰভাস বৰ্তমান চলচ্চিত্ৰ উদ্যোগটোৰ আটাইতকৈ যোগ্য Bachelor আৰু যিকোনো যুৱতীক তেওঁৰ সুন্দৰ চেহেৰা আৰু শক্তিশালী ব্যক্তিত্বই দুৰ্বল কৰিব পাৰে। চলচ্চিত্ৰৰ বাহিৰে, যদি অভিনেতাজনৰ আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰা আন কোনো বস্তু হৈছে তেওঁৰ বিবাহৰ বাতৰি।

অতি সাধাৰণ জীৱন যাপন কৰা প্ৰভাসে তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে এটা টিভি ইন্টাৰভিউত মুকলিকৈ কৈছিল। এক সাক্ষাৎকাৰত অভিনেতাজনে প্ৰকাশ কৰিছিল যে, ব্লকবাষ্টাৰ ছবি বাহুবলীৰ পিছত তেওঁ প্ৰায় ৫০০০ বিবাহৰ প্ৰস্তাৱ পাইছিল। তেওঁ কয়, ‘বাহুবলীৰ মুক্তিৰ পিছত মোলৈ ৫ হাজাৰৰো অধিক বিবাহৰ প্ৰস্তাৱ আহিছিল। সেই সকলো প্ৰস্তাৱ মোৰ বাবে এটা ডাঙৰ বিভ্ৰান্তি হৈ পৰিছিল। মই নিশ্চিতভাৱে বিয়া পাতিম…। কিন্তু মই নাজানো কেতিয়া! মোৰ মায়ে মই বিয়া কৰোৱাটো বিচাৰে। মই তেতিয়া মাক কৈছিলো যে, মই বাহুবলীৰ পিছতহে বিবাহৰ বিষয়ে ভাবিম। অৱশ্যে, মোৰ প্ৰেম বিবাহ হ’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...