ঐতিহাসিক নামতিপুল বন্ধ কৰিলে ৰাইজে, কিন্তু কিয়?

বন্ধ কৰিলে ঐতিহাসিক নামতিপুল। লোকনিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে নামতিপুল ধ্বংস হোৱাৰ অভিযোগ আনি স্থানীয় লোকে যাতায়াত বন্ধ কৰি দিয়ে। নামতিপুলত বাঁহ বান্ধি ঐতিহাসিক পুলটো সংৰক্ষণ কৰিবলৈ ওলাই আহিল স্থানীয় লোক। যোৱা ৭ বছৰে নামতিপুলৰ বিকল্প এখন পকী দলং নিৰ্মাণ কৰিছিল যদিও লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে মুকলি হোৱা নাছিল। বিকল্প দলঙৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ বাবে যাতায়াত বন্ধ হৈ আছিল। স্থানীয় লোক আৰু জাতীয় দল-সংগঠনে বহুবাৰ নামতিপুল সংৰক্ষণ কৰি বিকল্প দলং সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল যদিও কেৰেপ কৰা নাছিল ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগে। যাৰ বাবে স্থানীয় লোকে সম্পূৰ্ণভাৱে যাতায়াত বন্ধ কৰি দিয়ে নামতিপুলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...