সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাৰ, কোন দল হ’ল শ্ৰেষ্ঠ?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে। চাৰিদিনীয়া এই প্ৰতিযোগিতাখনত খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক নিপন দাসে। বিশেষকৈ গুৱাহাটী, ওদালগুৰি, ডিব্ৰুগড় আৰু শিৱসাগৰে এই খেলখনত উন্নত প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিবিধ খেলতে ভাল প্ৰদৰ্শন দেখুৱাই আজি অন্তিমটো দিনত গুৱাহাটীৰ দলে শ্ৰেষ্ঠ খেলুৱৈ দলৰ সন্মান লাভ কৰে। এই প্ৰতিযোগিতাত খেলুৱৈসকলক উন্নতমানৰ ক্ৰীড়াসুলভ সা-সুবিধা প্ৰদান কৰা হৈছে বুলিও কৰ্মকৰ্তাসকলে সদৰী কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...