সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাৰ, কোন দল হ’ল শ্ৰেষ্ঠ?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে। চাৰিদিনীয়া এই প্ৰতিযোগিতাখনত খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক নিপন দাসে। বিশেষকৈ গুৱাহাটী, ওদালগুৰি, ডিব্ৰুগড় আৰু শিৱসাগৰে এই খেলখনত উন্নত প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিবিধ খেলতে ভাল প্ৰদৰ্শন দেখুৱাই আজি অন্তিমটো দিনত গুৱাহাটীৰ দলে শ্ৰেষ্ঠ খেলুৱৈ দলৰ সন্মান লাভ কৰে। এই প্ৰতিযোগিতাত খেলুৱৈসকলক উন্নতমানৰ ক্ৰীড়াসুলভ সা-সুবিধা প্ৰদান কৰা হৈছে বুলিও কৰ্মকৰ্তাসকলে সদৰী কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...