নাবালিকা জীয়েকক বিয়া দিয়াৰ অপচেষ্টা আৰক্ষী জোৱানৰ, জালত ছৰিফ উদ্দিন

এইবাৰ আৰক্ষীৰ ঘৰত আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযান। বেটী বচাও, বেটী পঢ়াও অভিযান, ছাত্ৰীক উচ্চশিক্ষা আৰু আত্মনিৰ্ভৰশীলতা তথা স্বাৱলম্বনৰ বাবে পদক্ষেপ লোৱাৰ সময়তে আন এক উদ্বিগ্নজনক খবৰ পোহৰলৈ আহিছে। ধিঙৰ পাণবাৰীৰ অসম আৰক্ষীৰ কনিষ্টবলে নিজৰ নাবালিকা জীয়ৰীক আনুষ্ঠানিকভাৱে বিয়া দিবলৈ লওঁতেই চাইল্ড লাইন আৰু আৰক্ষীয়ে বন্ধ কৰিলে বিয়া। ছৰিফ উদ্দিন নামৰ আৰক্ষী কনিষ্টবলজনৰ বাসগৃহৰ বিবাহ মণ্ডপত আৰক্ষী উপস্থিত হৈ বন্ধ কৰিলে বাল্য বিবাহ। এগৰাকী আৰক্ষী কনিষ্টবলে আইন ভংগ কৰি নাবালিকা কন্যাক বিয়া দিবলৈ ওলোৱা কাৰ্য্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰ্তমান ধিং আৰক্ষী থানাত কৰ্মৰত হৈ আছে ধৃত ছৰিফ উদ্দিন নামৰ আৰক্ষী কনিষ্টবলজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...