শিহৰণকাৰী! বাইক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ ২ যুৱক

বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। এখন দ্ৰুতবেগী ডাম্পাৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত জীৱন্তে অগ্নিগদ্ধ দুজনকৈ যুৱক। থিতাতে মৃত্যু ঘটে দুয়োজন যুৱকৰ। চাপৰৰ ধীৰঘাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত বাইক আৰহী দুজন চাপৰৰ ৰৌমাৰী গাঁৱৰ ইমান হুছেইন আৰু শ্বাহৰুখ শ্বেখ। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS17K 4236 আৰু ডাম্পাৰখনৰ নম্বৰ AS17C 0373। দুৰ্ঘটনাৰ পিছতে সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ।

চাপৰৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই চাঞ্চল্যকৰ ঘটনা। বালিভৰ্তি ডাম্পাৰখনে এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ সন্দেহ। ইফালে দুৰ্ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ পানী প্ৰয়োগ কৰে যদিও পানীয়ে কাম নিদিয়াত ফ’ম প্ৰয়োগ কৰিহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাৰ পিছতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় দুঘণ্টা ধৰি বন্ধ হৈ পৰে। দুখনকৈ জেচিবিৰে বালিভৰ্তি অগ্নিদগ্ধ ডাম্পাৰখন আঁতৰাই লৈ যোৱা হয়। ঘটনাস্থলীত উপস্থিত হৈ চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্রণ কৰি ঘাইপথ সুচল কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...