এম্বুলেঞ্চৰ খুন্দাত গুৰুতৰভাবে আহত ২ স্কুটী আৰোহী

0 65

ডিব্ৰুগড় জিলাৰ মৰাণ জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এম্বুলেঞ্চৰ খুন্দাত গুৰুতৰভাবে আহত ২ স্কুটী আৰোহী ৷ ডিব্ৰুগড়ৰ ফালৰ পৰা মৰাণৰ দিশেৰে আহি থকা অৱস্থাত একে দিশেৰে আহি থকা এখন WB 19 K 92 83নম্বৰৰ এম্বুলেঞ্চে মহতিয়াই নিয়ে AS 33 16 22 নম্বৰৰ এখন স্কুটীক । দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় দুই স্কুটী আৰোহী | স্কুটী আৰোহী হিচাপে আহিছিল চাবিনা মিনছ আৰু প্ৰিয়ংকা দেৱ। স্কুটী আৰোহীকেইগৰাকীৰ ঘৰ মৰাণৰ সমীপৰ খোৱাঙৰ শালমাৰি চাহ বাগিচাত | সম্প্ৰতি মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছে স্কুটী আৰোহী দুগৰাকী।

Leave A Reply

Your email address will not be published.