জুম্মাৰ নামাজ আদায় কৰিয়ে নিৰুদ্দেশ হ’ল মুকবধিৰ মান্নান খান

বৰপেটাৰোডৰ কলহভাংগা বিদ্যাপাৰাৰ মান্নান খান নামৰ এজন বোবা লোক ২৫ ফেব্ৰুৱাৰীত হাউলীৰ মছজিদত শুকুৰবৰীয়া জুম্মাৰ নামাজ আদায় কৰাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছে ৷ বিগত ১০ দিন ধৰি বোবা লোকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে ৷ ফলত মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসী ৷ লিখা-পঢ়া নথকা, কথা ক’ব নজনা আৰু কাণেৰে নুশুনা বোবা মান্নান খানৰ সম্বেদ নোপোৱাৰ ফলত তেওৰ পত্নী,পুত্ৰ-কন্যাই কান্দোনত ভাঙি পৰিছে ৷ বোবা লোকজনৰ সম্ভেদ নাপাই গাওঁবাসী চিন্তিত হৈ পৰিছে ৷

পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে বিগত ১০ দিন ধৰি বোবা লোকজনৰ বিভিন্ন স্থানত সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে বোবা লোকজনৰ কোনো সন্ধান লাভ কৰা নাই ৷ যাৰ ফলত বোবা মান্নান খানৰ কলহভাংগাৰ ঘৰখনত কান্দোনৰ ৰোল উঠিছে ৷ লুঙী আৰু কুৰ্তা পৰিহিত বোবা লোকজনৰ এখন হাতত ৬টা আঙুলি আছে ৷ কোনোবা ব্যক্তিয়ে যদি বোবা লোকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা 7002906610 / 9954240977 / 9854964571 /9957253373 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...