জুম্মাৰ নামাজ আদায় কৰিয়ে নিৰুদ্দেশ হ’ল মুকবধিৰ মান্নান খান

0 33

বৰপেটাৰোডৰ কলহভাংগা বিদ্যাপাৰাৰ মান্নান খান নামৰ এজন বোবা লোক ২৫ ফেব্ৰুৱাৰীত হাউলীৰ মছজিদত শুকুৰবৰীয়া জুম্মাৰ নামাজ আদায় কৰাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছে ৷ বিগত ১০ দিন ধৰি বোবা লোকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে ৷ ফলত মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসী ৷ লিখা-পঢ়া নথকা, কথা ক’ব নজনা আৰু কাণেৰে নুশুনা বোবা মান্নান খানৰ সম্বেদ নোপোৱাৰ ফলত তেওৰ পত্নী,পুত্ৰ-কন্যাই কান্দোনত ভাঙি পৰিছে ৷ বোবা লোকজনৰ সম্ভেদ নাপাই গাওঁবাসী চিন্তিত হৈ পৰিছে ৷

পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে বিগত ১০ দিন ধৰি বোবা লোকজনৰ বিভিন্ন স্থানত সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে বোবা লোকজনৰ কোনো সন্ধান লাভ কৰা নাই ৷ যাৰ ফলত বোবা মান্নান খানৰ কলহভাংগাৰ ঘৰখনত কান্দোনৰ ৰোল উঠিছে ৷ লুঙী আৰু কুৰ্তা পৰিহিত বোবা লোকজনৰ এখন হাতত ৬টা আঙুলি আছে ৷ কোনোবা ব্যক্তিয়ে যদি বোবা লোকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা 7002906610 / 9954240977 / 9854964571 /9957253373 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

Leave A Reply

Your email address will not be published.