কাছাৰত কংগ্ৰেছ নেত্ৰী নৈৰিতা জয় শুক্লাক আক্ৰমণৰ অভিযোগ

কাছাৰ জিলাৰ সোনাইৰ ৩নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ নৈৰিতা জয় শুক্লাক বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। লগতে অভিযোগ মৃত্যুৰ ভাবুকি দিয়াৰ।

প্ৰচাৰ চলাই উভতি অহাৰ সময়তে কিছু বিজেপি কৰ্মীয়ে ঘেৰাও কৰিছিল নৈৰিতা জয় শুক্লাক। তেওঁ ‘হৰ হৰ মহাদেৱ’ উচ্চাৰণ কৰি আছিল… কিন্তু তেওঁক ‘জয় শ্ৰী ৰাম’ বুলি ধ্বনি দিবলৈ বাধ্য কৰাইছিল বিজেপি কৰ্মীসকলে। আৰু সুধিছিল যে, তেওঁ হিন্দু হয় নে নহয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত নৈৰিতা জয় শুক্লাৰ মন্তব্য – তেওঁৰ বৰ্ধিত জনপ্ৰিয়তাই বিপক্ষক চিন্তিত কৰি তুলিছে। তেওঁ আৰু কয় যে, আমি জনতা আৰু কংগ্ৰেছৰ লোকসকলে এই ‘গুণ্ডা’বোৰক ভয় নকৰোঁ, আমি সদায় জনসাধাৰণৰ বাবে যুঁজ দি আহিছো আৰু আমি তেওঁলোকৰ কণ্ঠ সমূহ বলিষ্ঠভাৱে উত্থাপন কৰি যাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...