ট্ৰেক্টৰ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪ পুৰুষ-মহিলা

দ্ৰুতবেগী ট্ৰেক্টৰ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে ৪জন লোক। পূব গোৱালপাৰাৰ শিমলীতোলা পালপাৰাত পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেক্টৰ আৰু ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষত পুৰুষ-মহিলাসহ গুৰুতৰভাবে আহত হয় ৪জন লোক৷ শিমলীতোলা-গোৱালপাৰা পথত সংঘটিত হয় এই দুৰ্ঘটনা। নম্বৰবিহীন দ্ৰুতবেগী ট্ৰেক্টৰখনে মহতিয়ালে যাত্ৰীবাহী ই-ৰিক্সাক। দুৰ্ঘটনাটোত আহত হয় ই-ৰিক্সাত থকা দীপক দাস, মনিন্দ্ৰ দাস, সুফলা দাস আৰু পদুমী দাস৷ আহত আটাইকেইজনৰ ঘৰ নগৰবেৰাৰ লক্ষণপুৰ আৰু চেনীমাৰাত৷ আহত লোক কেইজনক সংকটজনক অৱস্থাত শিমলীতোলা কে এন মেধি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ ঘটনাস্থলীত শিমলীতোল আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰ আৰু ই-ৰিক্সাখন৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...