সোণালী জয়ন্তী উৎসৱ আৰু গ্ৰন্থমেলাৰ বিশাল আয়োজন

বৃহস্পতিবাৰৰ পৰা ৬ মাৰ্চলৈ মৰিগাঁও জিলাৰ ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত ‘সোণালী জয়ন্তী উৎসৱ’ আৰু ‘গ্ৰন্থমেলা’ৰ আয়োজন কৰা হৈছে। ভাষা-সাহিত্যৰ অন্যতম ধ্বজাবাহক উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অন্যতম সক্রিয় শাখা মৰিগাঁও জিলাৰ ভূৰবন্ধা শাখা সাহিত্য সভা। ভূৰবন্ধা শাখা সাহিত্য সভাই এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। তদুপলক্ষে ১৮, ১৯, ২০ আৰু ২১ ফাগুন ১৪২৮ ভাস্কৰাব্দ (ইং- ৩, ৪, ৫ আৰু ৬ মার্চ, ২০২২)ত ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ‘সোণালী জয়ন্তী উৎসৱ’ আৰু ‘গ্ৰন্থমেলা’ৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ভূৰবন্ধা শাখা সাহিত্য সভা সভাপতি মঙলো বৰা সম্পাদক ৰবিন ডেকাৰ লগতে আয়োজক সমিতিয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...