এইবাৰ ঘৰতে লাভ কৰিব ডিজেল!

এইবাৰ ঘৰতে লাভ কৰিব ডিজেল ৷ ইণ্ডিয়ান অইল কৰ্পৰেচনে লৈছে এই উদ্যোগ। এপ ভিত্তিক ড’ৰষ্টেপ ডিজেল বিতৰণ সেৱা প্ৰদানকাৰী হমচফৰ ইণ্ডিয়া আৰু ওকাৰা ফিউল’জিক্সৰ সহযোগিতাত মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এই পৰীক্ষামূলক সেৱা আৰম্ভ হৈছে৷ ইতিমধ্যে পুনে, নাগপুৰ, থানে, নাছিক, ঔৰংগাবাদ, নৱী মুম্বাই, চোলাপুৰৰ লগতে মহাৰাষ্ট্ৰৰ আন বহুতো চহৰত ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰ লগতে গোৱা, কৰ্ণাটক আৰু গুজৰাটলৈ ঘৰে ঘৰে ডিজেল যোগান ধৰা সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে। ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জীৱন-যাপন প্ৰণালী সহজ কৰি তোলাৰ লক্ষ্য ইণ্ডিয়ান অইল কৰ্পৰেচনৰ। সুৰাৰ পিছত এইবাৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব ডিজেল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...