চাফাই অভিযানত নামিল কংগ্ৰেছ, এফালৰ পৰা নিকা কৰিলে হাস্পতাল চৌহদ

কেৱল ঘৰখনেই চাফা কৰিলে নহ’ব, আমাৰ চৌপাশো পৰিষ্কাৰ হ’ব লাগিব। এইবাৰ চিকিৎসালয়ত চাফাই অভিযান কংগ্ৰেছে। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত মুকালমুৱা চিকিৎসালয়ৰ চৌহদত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। চিকিৎসালয়খনৰ চৌহদত হৈ থকা কদৰ্যময় পৰিবেশত অতিষ্ঠ হৈ আহিছে ৰোগীসকলে। চিকিৎসালয় খনৰ কদৰ্যময় পৰিবেশ দেখি চাফাই কৰিবলৈ হাতে কামে লাগিল কংগ্ৰেছ কৰ্মীসকল। চাফাই অভিযান কাৰ্যসূচীত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ লগতে কংগ্ৰেছ দলৰ ভাতৃ সংগঠন সমূহৰ সদস্যসকলে হাতে হাতে ঝাড়ু লৈ চলালে চাফাই অভিযান। উল্লেখযোগ্য যে, মুকালমুৱা সামূহিক চিকিৎসা কেন্দ্ৰক মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হৈছিল। মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ এটা নতুন ভৱনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈছে যদিও আজিলৈকে মুকলি হোৱা নাই চিকিৎসালয়খন। চিকিৎসালয়খন মুকলি কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনায় কংগ্ৰেছৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...