৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে ঐতিহাসিক সুৱনখাটা মেলা

বাক্সা জিলাৰ উত্তৰ প্ৰান্তৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত আজিৰে পৰা সাতদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৭০ সংখ্যক ঐতিহাসিক সুৱনখাটা মেলা। বিভিন্ন জাতি-জনগোষ্ঠীৰ সহযোগত অনুষ্ঠিত হোৱা এই মেলাৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা মুখ্যদ্বাৰ উদ্বোধন কৰে UPPL দলৰ বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই। তাৰ পিছতে পতাকা উত্তোলন কৰে সুৱনখাটা মেলা উদযাপন সমিতিৰ সভাপতি খগেন পাঠকে। উদযাপন সমিতিৰ উপদেষ্টা মহেন্দ্ৰ ৰামছিয়াৰীয়ে সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে৷ সাংস্কৃতিক মঞ্চ মুকলি কৰে BTCৰ অধ্যক্ষ কাতিৰাম বড়োৱে৷ মেলা উদযাপন সমিতিৰ আশা এই মেলাৰ জড়িয়তে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে ইয়াত বসবাস কৰি থকা জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় বৃদ্ধি হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...