বজৰং দলৰ ২৪ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন

ৰাষ্ট্ৰীয় বজৰং দলে আহ্বান কৰা ২৪ ঘণ্টীয়া বন্ধৰ ফলত স্তব্ধ হৈ পৰিল জনজীৱন। গোলকগঞ্জ বজাৰত এই বন্ধ পূৰ্ণৰূপে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। সকোলা দোকান-পোহাৰ বন্ধ হৈ থকাৰ লগতে ৰাজপথত যান-বাহনৰ চলাচল সেৰেঙা হৈ পৰিছে। উল্লেখ্য যে, শনিবাৰে সন্ধিয়া পুৱা ৬ বজাৰ পৰা গোলকগঞ্জ বজাৰ বন্ধ ঘোষণা কৰিছিল। গোলকগঞ্জৰ ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰৰ আত্মহত্যাৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত এই বন্ধৰ আহ্বান। ৪৮ ঘণ্টাৰ ভিতৰত যদি আৰক্ষীয়ে এজনো দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ ধুবুৰী জিলাত বন্ধৰ আহ্বান জনোৱাৰ হুংকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...