মৰ্মান্তিক! দৰাসহ দুৰ্ঘটনাত ৯জনৰ কৰুণ মৃত্যু

0 172

বিয়া বুলিলে সকলোৰে মনত হাঁহি-ধেমালিৰ এক পৰিৱেশে বিৰাজ কৰে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত জ্যেষ্ঠজনৰ আশিস লৈ এক নতুন জীৱনৰ পাতনি মেলে দৰা-কইনাই। পিছে সকলো ঠিকে থাকিলেও ভাগ্যৰ পৰিহাস। শোকাৱহ দুৰ্ঘটনাত দৰাসহ ৯জন লোকৰ থিতাতে মৃত্যু ঘটিছে। ৰাজস্থানৰ কোটাত পুৱা মৰ্মান্তিক ঘটনা। দৰাকে ধৰি ৯জন বৰযাত্ৰীৰ বাহন কঢ়িয়াই নিয়া এখন দ্ৰুতবেগী গাড়ী চম্বল নৈত বাগৰি পৰে। থিতাতে দুৰ্ঘটনাটোত সকলোৰে মৃত্যু ঘটে। ঘটনাটো নয়াপুৰাৰ ওচৰৰ এটা সৰু কালভাৰ্টত সংঘটিত হৈছিল। তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু ডুবাৰুৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান চলাই নৈত ডুব যোৱা সকলো লোকৰ মৃতদেহ উলিয়াই অনা হয়।
ৰাজস্থান্ৰ উজ্জয়িনীৰ ভৈৰুণালাৰ হৰিজন বস্তিলৈ গৈ আছিল বাহনখন। ডুবাৰু দলৰ সদস্য বিষ্ণু শ্ৰীঙীয়ে সদৰি কৰা অনুসৰি দুৰ্ঘটনাটো পুৱা ৫.৩০ বজাত সংঘটিত হৈছিল। এজন পথচাৰীয়ে চম্বল নদীত গাড়ীখন ওলমি থকা দেখিছিল। ইয়াৰ পিছতে ডুবাৰুৰ দলটোৱে পুৱা উদ্ধাৰ অভিযান চলাইছিল। গাড়ীখন এখন ক্ৰেইনেৰে উলিয়াই অনা হৈছিল।
মৃতসকলৰ ভিতৰত আছে দৰা অবিনাশ বাল্মীকিও। অবিনাশৰ সৈতে বন্ধুবৰ্গ আৰু আত্মীয়ই গাড়ীখনত একেলগে যাত্ৰা কৰিছিল। বৰযাত্ৰীৰ সৈতে এখন বাছতো একেলগে বহু মানুহ গৈ আছিল, কিন্তু দুৰ্ঘটনাৰ সময়ত তেওঁলোকক অতিক্ৰম কৰি আগুৱাই গৈছিল। বাছখনত ৭০ জন লোক আছিল। পিছত দুপৰীয়া ২ বজাতহে দুৰ্ঘটনাস্থলী এৰে।
আচৰিত কথা এয়ে যে, বাছখনত থকা সকলো লোকে কেশোৰাইপতনত সকলোৱে চাহ খাবলৈ ৰৈ গ’ল। চাহ খালে আৰু বাছখন আগবাই গৈ আছিল। যেতিয়া বাছখন কোটা পাৰ হৈছিল সেই সময়তে একাংশই চিন্তা কৰিছিল গাড়ীখন বহু দূৰত আছে। ফোন কৰিবলৈ বিচাৰ-খোচাৰৰ সময়তে বাছখনলৈ ফোন আহিছিল যে তেওঁলোকে আনন্দৰ বাবে যোৱা দৰা আৰু পৰিয়ালৰ ৯জন মানুহ এই সংসাৰত জীৱিত অৱস্থাত নাই। দৰা অবিনাশ, দৰাৰ ভায়েক কেশৱ, গাড়ী চালক ইছলাম দুৰ্ঘটনাত নিহত হয়। মৃতসকলৰ আটাইকেইজন জয়পুৰৰ বাসিন্দা আছিল। জয়পুৰৰ টংক ফাটক অঞ্চলৰ বাসিন্দা কুশল আৰু শুভম, পৰিবহন নগৰৰ বাসিন্দা ৰাহুল, ৰোহিত, টংক গেটৰ বাসিন্দা, বিকাশ, ঘাটগেটৰ বাসিন্দা মুকেশ, মালৱীয় নগৰৰ এজন লোকো নিহত হয়।
আনহাতে, মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ নিথৰ দেহ হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছে। ৰাজস্থানৰ মন্ত্ৰী শান্তি ধাৰিৱালে ঘটনাটোত শোক প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও ঘটনাটোক কৰুণ বুলি বৰ্ণনা কৰিছে। এই শোকাৱহ ঘটনাৰ পিছতে কান্দোনৰ ৰোল উঠিছে পৰিয়ালত।

Leave A Reply

Your email address will not be published.