জিৰাত থকা আচৰিত পুষ্টিগুণবোৰৰ বিষয়ে জানেনে?

মচলা আৰু বনৌষধিয়ে কেৱল খাদ্যত সোৱাদ যোগ নকৰে, ইয়াৰ ওপৰিও সেইবোৰে স্বাস্থ্যৰ ক্ষেত্ৰত অসংখ্য লাভালাভও আনি দিয়ে। ওজন হ্ৰাস কৰাৰ পৰা হজমৰ সমস্যা দূৰ কৰালৈকে, পাকঘৰৰ বহুতো মচলাই সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। জিৰা হৈছে এনে এক উপাদান। পুষ্টিবিদসকলৰ মতে, জিৰাৰ সৈতে পানী খোৱাৰ একাধিক লাভালাভ আছে। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা জিৰা পানী খায়, ই স্বাস্থ্যকৰ হয়। হজম বৃদ্ধি কৰে, বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যা হ্ৰাস কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। তদুপৰি জিৰা তিয়াই থোৱা পানীৰ গুণাগুণসমূহ হৈছে- ই কম কেলৰিযুক্ত, হজম কৰাত সহায় কৰে, শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰে, শৰীৰক বিভিন্ন বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষিত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তাৰ বাবে আপুনি অলপ জিৰা গুটি একাপ পানীত কিছুসময়ৰ বাবে তিয়াই ৰাখিব পাৰে। পৰাপক্ষত গৰম পানী ব্যৱহাৰ কৰিব। দীঘলীয়া সময় তিয়াই ৰখাৰ পিছত, জিৰা ফুলি উঠে আৰু জৈৱসক্ৰিয় সামগ্ৰী মুকলি কৰে, যি পানীত মিহলি হয়। এইবাৰ যেতিয়া পানী অলপ ঠাণ্ডা হয়, সেই পানী সেৱন কৰিব। দেখিব পেটৰ বহু সমস্যাৰ পৰা আপুনি মুক্তি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...