শ্বহীদ প্ৰণামো তোমাক…হিমস্খলনত আবদ্ধ ৭ বীৰ জোৱানৰ মৃত্যু

অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ ৭ জোৱানৰ মৃত্যু ঘটিছে। অৰুণাচলৰ কামেঙত ৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ পৰিছিল তহলদাৰী দলটো। দেওবাৰে সন্ধানহীন হোৱাৰ পিছৰে পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান।
সেনাই জাৰি কৰা বিবৃতি মতে দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছিল সেনা কেইজন। অঞ্চলটোত কেইবাদিনো ধৰি প্ৰচণ্ড তুষাৰপাতৰ লগতে বেয়া বতৰে বিঘিনি ঘটাইছিল সেনাৰ তহলত। খবৰ অহাৰ লগে লগে সতীৰ্থক বিচাৰি বৰফৰ মাজত কষ্টকৰ অভি্যান চলাইছিল সেনাৰ দলে। সেনা জোৱানসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও ভাৰতীয় সেনাই জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে জোৱানকেইজনক। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক বিমানেৰে লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...