শ্বহীদ প্ৰণামো তোমাক…হিমস্খলনত আবদ্ধ ৭ বীৰ জোৱানৰ মৃত্যু

অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ ৭ জোৱানৰ মৃত্যু ঘটিছে। অৰুণাচলৰ কামেঙত ৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ পৰিছিল তহলদাৰী দলটো। দেওবাৰে সন্ধানহীন হোৱাৰ পিছৰে পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান।
সেনাই জাৰি কৰা বিবৃতি মতে দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছিল সেনা কেইজন। অঞ্চলটোত কেইবাদিনো ধৰি প্ৰচণ্ড তুষাৰপাতৰ লগতে বেয়া বতৰে বিঘিনি ঘটাইছিল সেনাৰ তহলত। খবৰ অহাৰ লগে লগে সতীৰ্থক বিচাৰি বৰফৰ মাজত কষ্টকৰ অভি্যান চলাইছিল সেনাৰ দলে। সেনা জোৱানসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও ভাৰতীয় সেনাই জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে জোৱানকেইজনক। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক বিমানেৰে লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...