লামডিঙত জব্দ হ’ল ৫০ লক্ষাধিক টকাৰ ড্ৰাগ্ছ!

ৰে’লৰ জৰিয়তে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইয়াৰ সমান্তৰালকৈ চলিছে ড্ৰাগ্ছবিৰোধী অভিযান। ইয়াৰ মাজতে লামডিঙ ৰে’লৱে ষ্টেচনত পুনৰবাৰ উদ্ধাৰ হ’ল বিস্তৰ পৰিমাণৰ ব্ৰাউন ছুগাৰ।


ডিব্ৰুগড়ৰ পৰা গুৱাহাটী নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ পৰা ২৬৯ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় লামডিং জি আৰ পি।


সাধাৰণ শ্ৰেণীৰ ডবাত তালাচী চলাই ১৫টা চাবোনৰ কেছত উদ্ধাৰ কৰে ড্ৰাগ্ছখিনি। জব্দকৃত ড্ৰাগ্ছখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী দলে। অৱশ্যে ড্ৰাগ্ছ সৰবৰাহত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...