ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আৰু পলক তিৱাৰীৰ ডেটিঙক লৈ মায়ানগৰীত চৰ্চা!

অভিনেতা ছেইফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু শ্বেতা তিৱাৰীৰ জীয়ৰী পলক তিৱাৰীক কেইদিনমান পূৰ্বে একেলগে প্ৰত্যক্ষ কৰিছিল। তাৰ পিছৰে পৰা খবৰ বিয়পি পৰিছিল যে ইজনে সিজনক ডেট কৰি আছিল।
ছেইফৰ পুত্ৰ ইব্ৰাহিমে কৰণ জোহৰৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেমকাহানী’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি আছে। আনহাতে, পলক তিৱাৰীয়ে শেহতীয়াকৈ হাৰ্দি সান্ধুৰ বিজুলী শীৰ্ষক মিউজিক ভিডিঅ’ৰে জনপ্ৰিয়তা অৰ্জন কৰিছে। অৱশ্যে একাংশৰ দাবীক ভিত্তিহীন আখ্যা দি কৈছে যে ইব্ৰাহিম আৰু পলকে ইজনে সিজনক ডেট কৰি থকা নাই। এতিয়াৰ বাবে তেওঁলোক কেৱল বন্ধু। দুয়োৱে নিজৰ কেৰিয়াৰত ব্যস্ত। উমৈহতীয়া বন্ধু গতিকে দুয়োজন ভালদৰে পৰিচিত। কামৰ বিষয়ে কথা পাতিবলৈ যোৱাৰ সময়তে ইজনে সিজনক লগ পাইছিল। কিন্তু সন্মুখত কেমেৰা দেখি পলকে মুখ লুকুৱাবলৈ চেষ্টা কৰাৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ভিডিঅ’টো সোনকালেই ভাইৰেল হৈ পৰিছিল।
উল্লেখ্য যে, বিজুলী শীৰ্ষক মিউজিক ভিডিঅ’ৰ সফলতাৰ পিছত পলকে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। ‘ৰোজি, দ্য চাফ্ৰন চেপ্টাৰ’ত দেখা যাব পলক তিৱাৰীক। আনহাতে ইব্ৰাহিমে আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ আগন্তুক ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰি আছে। ছবিখনত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী আৰু জয়া বচ্চনেও অভিনয় কৰিছে। ইব্ৰাহিমে এতিয়াও অভিনেতা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰা নাই। কিন্তু পৰ্দাৰ আঁৰত ইতিমধ্যে কেৰিয়াৰ আৰম্ভ কৰিছে ইব্ৰাহিমে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...