অধিনায়ক পদ কিয় ত্যাগ কৰিছিল বিৰাট কোহলীয়ে, নিজেই খুলি ক’লে সকলো!

শেহতীয়াকৈ টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল বিৰাট কোহলীয়ে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰত এদিনীয়া অধিনায়কত্বৰ পৰা আঁতৰোৱা হৈছিল কোহলীক। আনহাতে কোহলীয়ে ইতিমধ্যে ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে ২০২১ চনৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ পিছত আটাইতকৈ চুটি ফৰ্মেটৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰিব।

অৱশ্যে, বিচিচিআই আৰু নিৰ্বাচকসকলে তেওঁক এদিনীয়া অধিনায়কত্বৰ পৰা আঁতৰাই দিয়ে আৰু পিছত জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত ২-১ত পৰাজয়ৰ পিছত টেষ্ট অধিনায়ক পদৰ পৰা নিজেই পদত্যাগ কৰে কোহলীয়ে। অৱশ্যে, তেওঁ কিয় পদত্যাগ কৰিছিল সেয়া সম্পূৰ্ণকৈ খুলি কোৱা নাছিল, কিন্তু এতিয়া তেওঁ নিজেই প্ৰকাশ কৰিছে যে তেওঁ কিয় অধিনায়ক হিচাপে দায়িত্বত বাহাল থাকিব নিবিচাৰে।

বিৰাট কোহলীৰ মতে, তেওঁ নিজৰ বাবে কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু যেতিয়া তেওঁ সেইবোৰ প্ৰাপ্ত কৰিছিল, তেওঁ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। বিৰাটে লগতে স্বীকাৰ কৰে যে দল এটাৰ নেতৃত্ব দিয়াতকৈ বেটছমেন হিচাপে তেওঁৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ, যাৰ বাবে তেওঁ অধিনায়কত্ব ত্যাগ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...