ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আৰু পলক তিৱাৰীৰ ডেটিঙক লৈ মায়ানগৰীত চৰ্চা!

অভিনেতা ছেইফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু শ্বেতা তিৱাৰীৰ জীয়ৰী পলক তিৱাৰীক কেইদিনমান পূৰ্বে একেলগে প্ৰত্যক্ষ কৰিছিল। তাৰ পিছৰে পৰা খবৰ বিয়পি পৰিছিল যে ইজনে সিজনক ডেট কৰি আছিল।
ছেইফৰ পুত্ৰ ইব্ৰাহিমে কৰণ জোহৰৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেমকাহানী’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি আছে। আনহাতে, পলক তিৱাৰীয়ে শেহতীয়াকৈ হাৰ্দি সান্ধুৰ বিজুলী শীৰ্ষক মিউজিক ভিডিঅ’ৰে জনপ্ৰিয়তা অৰ্জন কৰিছে। অৱশ্যে একাংশৰ দাবীক ভিত্তিহীন আখ্যা দি কৈছে যে ইব্ৰাহিম আৰু পলকে ইজনে সিজনক ডেট কৰি থকা নাই। এতিয়াৰ বাবে তেওঁলোক কেৱল বন্ধু। দুয়োৱে নিজৰ কেৰিয়াৰত ব্যস্ত। উমৈহতীয়া বন্ধু গতিকে দুয়োজন ভালদৰে পৰিচিত। কামৰ বিষয়ে কথা পাতিবলৈ যোৱাৰ সময়তে ইজনে সিজনক লগ পাইছিল। কিন্তু সন্মুখত কেমেৰা দেখি পলকে মুখ লুকুৱাবলৈ চেষ্টা কৰাৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ভিডিঅ’টো সোনকালেই ভাইৰেল হৈ পৰিছিল।
উল্লেখ্য যে, বিজুলী শীৰ্ষক মিউজিক ভিডিঅ’ৰ সফলতাৰ পিছত পলকে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। ‘ৰোজি, দ্য চাফ্ৰন চেপ্টাৰ’ত দেখা যাব পলক তিৱাৰীক। আনহাতে ইব্ৰাহিমে আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ আগন্তুক ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰি আছে। ছবিখনত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী আৰু জয়া বচ্চনেও অভিনয় কৰিছে। ইব্ৰাহিমে এতিয়াও অভিনেতা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰা নাই। কিন্তু পৰ্দাৰ আঁৰত ইতিমধ্যে কেৰিয়াৰ আৰম্ভ কৰিছে ইব্ৰাহিমে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...