পৰিণীতি চোপ্ৰাই ডিলিট কৰিব অৰ্জুন কাপুৰৰ নম্বৰ! কিয় ক’লে আপোনাৰ মাতটো শুনিবলৈ মন নাযায়?

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই প্ৰায়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বিভিন্ন কামেৰে মনোৰঞ্জন দিয়ে। শেহতীয়াকৈ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘আস্ক মি এনিথিং’ চেচন কৰিছিল, যাৰ জৰিয়তে অনুৰাগীসকলৰ বহুতো প্ৰশ্নৰ উত্তৰ দিছিল। পৰিণীতিয়ে এই সময়ত সকলো বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। এগৰাকী অনুৰাগীৰ এটা প্ৰশ্নত পৰিণীতিয়ে কয় যে অৰ্জুন কাপুৰৰ ফোন নম্বৰ ডিলিট কৰিব বিচাৰে। একে সময়তে প্ৰিয়ংকা চোপ্ৰাক প্ৰকৃত বায়েক আখ্যা দিয়ে।
এজন অনুৰাগীয়ে পৰিণীতিক অৰ্জুনৰ বিষয়ে কেইটামান শাৰী লিখিবলৈ কৈছিল, পৰিণীতিয়ে উত্তৰ দিছিল, কিছুমান শাৰীও অত্যাধিক হৈ পৰিব। আপোনাৰ কণ্ঠস্বৰ শুনিবলৈ মন নাই। কম কথা কোৱা ভাল। মই নম্বৰটো ডিলিট কৰিম বুলি মন্তব্য কৰিছিল।


ইফালে পৰিণীতিক আন এজন অনুৰাগীয়ে সুধিছিল যে প্ৰিয়ংকা চোপ্ৰা আটাইতকৈ বেছি কি ভাল পায়? ইয়াৰ উত্তৰ দি পৰিণীতিয়ে লিখিছিল, “প্ৰিয়ংকা ষ্টাৰ অৱ দ্য ৱৰ্ল্ড। তাই মোৰ বাবে প্ৰকৃতাৰ্থত ডাঙৰ ভগ্নী। মই মোৰ ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ, ঠিক যেনেদৰে তাই মোৰ ডাঙৰ ভগ্নী।
আনহাতে, পৰিণীতিক কৰণ জোহৰৰ বিষয়ে কিবা ক’বলৈ কোৱা হৈছিল। লগে লগে পৰিণীতিয়ে লিখিছিল, “ভলা কৰেগা জোহৰ, ঢুন্দেগা মেৰা চৌহৰ। “
উল্লেখ্য যে, পৰিণীতি চোপ্ৰাক অৰ্জুন কাপুৰৰ সৈতে ‘সন্দীপ ঔৰ পিংকী ফাৰাৰ’ চিনেমাত একেলগে কাম কৰা দেখা গৈছিল। এই চলচ্চিত্ৰখনত অৰ্জুন কাপুৰে এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে পৰিণীতিক এগৰাকী বেংকাৰৰ চৰিত্ৰত দেখা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...