পৰিণীতি চোপ্ৰাই ডিলিট কৰিব অৰ্জুন কাপুৰৰ নম্বৰ! কিয় ক’লে আপোনাৰ মাতটো শুনিবলৈ মন নাযায়?

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই প্ৰায়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বিভিন্ন কামেৰে মনোৰঞ্জন দিয়ে। শেহতীয়াকৈ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘আস্ক মি এনিথিং’ চেচন কৰিছিল, যাৰ জৰিয়তে অনুৰাগীসকলৰ বহুতো প্ৰশ্নৰ উত্তৰ দিছিল। পৰিণীতিয়ে এই সময়ত সকলো বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। এগৰাকী অনুৰাগীৰ এটা প্ৰশ্নত পৰিণীতিয়ে কয় যে অৰ্জুন কাপুৰৰ ফোন নম্বৰ ডিলিট কৰিব বিচাৰে। একে সময়তে প্ৰিয়ংকা চোপ্ৰাক প্ৰকৃত বায়েক আখ্যা দিয়ে।
এজন অনুৰাগীয়ে পৰিণীতিক অৰ্জুনৰ বিষয়ে কেইটামান শাৰী লিখিবলৈ কৈছিল, পৰিণীতিয়ে উত্তৰ দিছিল, কিছুমান শাৰীও অত্যাধিক হৈ পৰিব। আপোনাৰ কণ্ঠস্বৰ শুনিবলৈ মন নাই। কম কথা কোৱা ভাল। মই নম্বৰটো ডিলিট কৰিম বুলি মন্তব্য কৰিছিল।


ইফালে পৰিণীতিক আন এজন অনুৰাগীয়ে সুধিছিল যে প্ৰিয়ংকা চোপ্ৰা আটাইতকৈ বেছি কি ভাল পায়? ইয়াৰ উত্তৰ দি পৰিণীতিয়ে লিখিছিল, “প্ৰিয়ংকা ষ্টাৰ অৱ দ্য ৱৰ্ল্ড। তাই মোৰ বাবে প্ৰকৃতাৰ্থত ডাঙৰ ভগ্নী। মই মোৰ ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ, ঠিক যেনেদৰে তাই মোৰ ডাঙৰ ভগ্নী।
আনহাতে, পৰিণীতিক কৰণ জোহৰৰ বিষয়ে কিবা ক’বলৈ কোৱা হৈছিল। লগে লগে পৰিণীতিয়ে লিখিছিল, “ভলা কৰেগা জোহৰ, ঢুন্দেগা মেৰা চৌহৰ। “
উল্লেখ্য যে, পৰিণীতি চোপ্ৰাক অৰ্জুন কাপুৰৰ সৈতে ‘সন্দীপ ঔৰ পিংকী ফাৰাৰ’ চিনেমাত একেলগে কাম কৰা দেখা গৈছিল। এই চলচ্চিত্ৰখনত অৰ্জুন কাপুৰে এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে পৰিণীতিক এগৰাকী বেংকাৰৰ চৰিত্ৰত দেখা গৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

এনেকৈয়ে শেষ হয়নে সকলো!

মে'ৰ ১০ তাৰিখে আছিল বিয়া… মাহ-হালধিৰে নুৱাই বিয়াৰ সাজ...

RSSৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ...

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ। ভূমিস্খলনত পথতে...

অভিষেক মেচতেই IPLৰ তিনিটা ঐতিহাসিক অভিলেখ ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু...