বৃদ্ধি হ’ব GDP! কেন্দ্ৰীয় বাজেটে আনিব কেইবাটাও ভাল খবৰ

সংসদত আজি ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণেৰে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিছতে লোকসভাৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে বিত্তমন্ত্ৰীয়ে। অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২২-২৩ বৰ্ষত দেশীয় অৰ্থনীতিৰ ৮ৰ পৰা ৮.৫ শতাংশ বিকাশ হ’ব বুলি প্ৰক্ষেপ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰক্ষেপ কৰা ৯.২ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ স’তে তুলনা কৰি অৰ্থনৈতিক সমীক্ষাত এই বিকাশৰ প্ৰেক্ষপ কৰা হৈছে। ইয়াৰ উপৰি অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ বিকাশৰ বিস্তৃত তথ্যও এই সমীক্ষা দাঙি ধৰা হৈছে।

আগন্তুক বিত্তীয় বৰ্ষত দেশীত অৰ্থনীতিৰ বিকাশ সন্দৰ্ভত এই সমীক্ষা প্ৰস্তুত কৰিছে মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ নেতৃত্বাধীন এক বিশেষ কমিটিয়ে। সমীক্ষা অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষত দেশৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহ ৩.৯ শতাংশ হাৰত বিকশিত হোৱাৰ প্ৰক্ষেপ কৰা হৈছে। এই সময়চোৱাত সেৱা খণ্ডৰ বিকাশো ৮.২ শতাংশ হ’‍ব বুলি প্ৰক্ষেপ কৰা হৈছিল। পূৰ্বে কৰা মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰতকৈ বিগত বিত্তীয় বৰ্ষত ইয়াৰ হাৰ ৭.৩ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...